Published on :
Updated on :
- ভাৰত–পাকিস্তান সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাত অব্যাহত আছে দুই সেনাৰ তৎপৰতা।
- বুধবাৰে নিশা পুনৰ পাকিস্তানে গুলীবৰ্ষণ কৰে বুলি জানিব পৰা গৈছে।
- পুঞ্চ আৰু আখনুৰ ছেক্টৰত ধাৰাসাৰ গুলীবৰ্ষণ কৰে পাকিস্তানে।
- পাকিস্তানকো উচিত প্ৰত্যুত্তৰ দিলে ভাৰতীয় সেনাই।
- পাকিস্তানে বিভিন্ন সময়ত লক্ষ্য কৰি লৈছে ভাৰতক।
- বুধবাৰে সন্ধিয়া ভাৰতলৈ লক্ষ্য কৰি মৰ্টাৰ নিক্ষেপ কৰিছিল পাকিস্তানে।
- পাকিস্তানকো ইয়াৰ উত্তৰ দিয়ে ভাৰতে।
- ভাৰতীয় সেনাই দিয়া প্ৰত্যুত্তৰত পাকিস্তানৰ কেইবাটাও চকী ধ্বংস হয় বুলি জানিব পৰা গৈছে।
- বুধবাৰে সন্ধিয়াও যুদ্ধবিৰতি চুক্তি উলংঘন কৰে পাকিস্তানে।
- এল অ' চিৰ ৰাজৌৰী জিলাৰ মেন্ধৰ আৰু কৃষ্ণা ঘাটি ছেক্টৰত যুদ্ধবিৰতি চুক্তি উলংঘন কৰিছিল পাকিস্তানে।
Asomiya Pratidin
www.asomiyapratidin.in