/asomiyapratidin/media/media_files/2026/03/03/215-2026-03-03-19-54-49.jpg)
ডিজিটেল ডেস্ক : পাকিস্তান- আফগানিস্তানৰ মাজত চলি থকা সংঘাতৰ মাজতে আন এক ডাঙৰ খবৰ। শেহতীয়া খবৰ অনুসৰি পাকিস্তানে আফগান তালিবানৰ আগ্ৰাসনৰ বিৰুদ্ধে 'অপাৰেচন গাজাব লিল হক' নামৰ এক বৃহৎ সামৰিক অভিযান আৰম্ভ কৰিছে। পাকিস্তানৰ সংবাদ মাধ্যমৰ মতে, সোমবাৰে পাকিস্তানী সেনাই আফগানিস্তানৰ খোষ্টত তালিবানৰ এটা বৃহৎ বিস্ফোৰক আৰু গোলা-বাৰুদৰ ভাণ্ডাৰ ধ্বংস কৰে।
এই সম্পৰ্কত মন্তব্য প্ৰদান কৰিছে পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী আতাউল্লাহ তাৰাৰে। মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, যোৱা সপ্তাহৰ পৰা চলি থকা এই অভিযানত বৰ্তমানলৈকে ৪১৫ গৰাকী আফগান তালিবান সদস্য নিহত হৈছে। একেদৰে প্ৰায় ৫৮০ গৰাকীতকৈও অধিক তালিবান যুঁজাৰু আহত হৈছে।
আনহাতে, আফগান তালিবানে ২,৬০০ কিলোমিটাৰ দীঘল সীমান্তৰ প্ৰায় ৫৩ টা স্থানত আক্ৰমণ চলাইছে বুলি জানিব পৰা গৈছে। বিৰামহীন আক্ৰমণ-প্ৰত্যাক্ৰমণৰ পৰিপ্ৰেক্ষিতত পাকিস্তানে ইয়াৰ আকাশমাৰ্গ বন্ধ কৰি দিছে। পাকিস্তানী বায়ুসেনাই আফগানিস্তানৰ নঙ্গৰহাৰ প্ৰদেশত থকা খোৱানি ঘাটিও ধ্বংস কৰা বুলি সংবাদ গোষ্ঠীয়ে প্ৰকাশ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us