/asomiyapratidin/media/media_files/2025/09/15/new-ap-web-1-14-2025-09-15-23-53-07.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ বহুমুখী প্ৰতিভাৰ অধিকাৰী, বিশিষ্ট লেখিকা, ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী, সংগঠক, সদৌ ভাৰত পৰিৱেশ্য কলা পৰিষদৰ প্ৰধান সচিব, ১০০ৰো অধিক নাটকৰ ৰচয়িতা, বোলছবি পৰিচালক, নাট্যচাৰ্য পখিলা কলিতাই দেওবাৰে নিশা প্ৰায় ১২ বজাত জীৱন নাট সামৰে।
মহানগৰীৰ ভেটাপাৰাস্থিত হাউচিং কমপ্লেক্সৰ বাসিন্দা পখিলা কলিতাৰ জন্ম হৈছিল বাস্কা জিলাৰ নাওকাটাত ১৯৬১ চনত। হাইস্কুলীয়া অৱস্থাৰে পৰা সাহিত্য বিভিন্ন দিশৰ লগতে অভিনয়ৰ বিশাল ক্ষেত্ৰখনত জপিয়াই পৰে। তেওঁ আমৃত্যু শিকলি, ৰাম নৱমী, লভিতা, চকৰী, তেজীমলা, দ্ৰৌপদী আদি প্ৰায় শতাধিক নাটক পৰিচালনা কৰাৰ উপৰি অভিনয় কৰিছিল। ইয়াৰ উপৰি শিল্পীৰ জীৱন-গাঁথা, ৰমণী, মন্দাকিনী, তেজস্বিনী, বান্দৰ-নাচ, সুপ্ৰভাত, ইচ্ছাধাৰী বাঘ, আতংক, নেতা, বলিশাল, সৰস্বতী মাৰ জয় হওক, একতা, সীমা, বিহুলৈ আঁচনি, প্ৰতিঘাত, অন্তৰঙ্গ, স্পৰ্শ, মানুহ, মুক্তি, কৃতজ্ঞতা আদি নাটক ৰচনা কৰিছিল। এই নাটকসমূহ অসমৰ লগতে ভাৰতবৰ্ষৰ ভিন ভিন প্ৰান্তত মঞ্চস্থ হৈছে।
পখিলা কলিতাই নাট্য শিল্প ক্ষেত্ৰত অনবদ্য অৱদান যোগোৱা বাবে উৰিষ্যাত "কলাভূষণ", ঝাৰখণ্ডত "নাট্যশ্ৰী", উত্তৰ প্ৰদেশত "নৰ্মদা শৰ্মা ৰাষ্ট্ৰীয় বঁটা", ভগলপুৰত "বিহাৰ সেতু", গ্ল'বেল নাট্য মহোৎসৱত, কটকত "নাট্যচাৰ্য" আদি উপাধি আৰু সন্মান লাভ কৰিছে। ইয়াৰ উপৰি উদিত সূৰ্য, জ্যোতিৰ জ্যোতি, কৰণিত এথোপা ফুল, পৰিধি, বৃত্ত, চেতনা, স্বীকাৰোক্তিৰ শেষত, অপৰাজিত আদি প্ৰায় ২০খন গ্ৰন্থ প্ৰকাশ পাইছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পখিলা কলিতাই অসম সাহিত্য সভাৰ স'তে নিবিৰ ভাৱে জড়িত আছিল। তেওঁ সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে গঠিত সমিতিৰ নাট্য সমিতিৰ আহ্বায়িক, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰতিস্থাপক সদস্য, তক্ষশীলা, অসমৰ সঞ্চালক, ওদালগুৰি জিলাৰ চেউনি কাকাৰামাৰীত প্ৰতিষ্ঠা কৰা তক্ষশীলা বিশ্ববিদ্যালয় (সঙ্গীত, নাটক, নৃত্য, বাদ্য)ৰ আচাৰ্য আদি বিভিন্ন পদবীত অধিষ্ঠিত আছিল। কেইবাখনো ধাৰাবাহিকত অভিনয় কৰা পখিলা কলিতাই পৰিচালনা কৰিছে অসমীয়া বোলছবি "ক্ৰন্দন" ।
সোমবাৰে পুৱাই মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ গৃহলৈ গৈ শেষ শ্ৰদ্ধা অৰ্পণ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড০ জগদীশ পাটগিৰি, বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মা, আলফা নেতা অনুপ চেতিয়া, তক্ষশীলা বিশ্ববিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নাৰায়ণ ৰাভা, সম্পাদক জনাৰাম ৰাভা, দিব্য চিনে প্ৰডাকচনৰ ড০ তিলোত্তমা বৰুৱা, সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ ৰীণা দাস, সূৰুযমুখী সাহিত্য সভা, পূৱ ভেটাপাৰা শিৱ মন্দিৰ, বৃহত্তৰ দিশপুৰ সুৰভী মহিলা সংঘ, ব্ৰহ্মপুত্ৰ হাউচিং চোচাইটি পৰিচালনা সমিতি, ভালেসংখ্যক অভিনেতা -অভিনেত্ৰী, কলা-কুশলী আদিয়ে। তেওঁ মৃত্যুৰ সময়ত স্বামী বিশিষ্ট সমাজসেৱক নৱজ্যোতি শইকীয়া আৰু একমাত্ৰ কন্যাৰ লগতে ভালেমান আত্মীয় -স্ৰজনক এৰি থৈ যায়। তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন আৰু সম্পাদক অৰুণ কুমাৰ মহন্ত, অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈন, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি ড০ দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, পৰাগজ্যোতি প্ৰকাশন, আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া সংগীত শিল্পী দীজেন কাকতি, লেখিকা ৰত্না ৰংচেহনপী আদিয়ে।