দুয়োখন দেশৰে আছে পাৰমাণৱিক বোমা, ইয়াৰ প্ৰভাৱ পৰিব সমগ্ৰ বিশ্বতঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান…

দুয়োখন দেশৰে আছে পাৰমাণৱিক বোমা, ইয়াৰ প্ৰভাৱ পৰিব সমগ্ৰ বিশ্বতঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান…

author-image
asomiyapratidin
New Update
দুয়োখন দেশৰে আছে পাৰমাণৱিক বোমা, ইয়াৰ প্ৰভাৱ পৰিব সমগ্ৰ বিশ্বতঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান…

ফাইল ফটো

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰাৰ পাছৰে পৰা এই সন্দৰ্ভত পাকিস্তানে সমগ্ৰ বিশ্বৰ পৰা বিচাৰিছে সহায়-সহযোগিতা। কিন্তু এই সন্দৰ্ভত কোনো এখন দেখে পাকিস্তানৰ পক্ষত থিয় হোৱা নাই। সকলো ধৰণৰ চেষ্টা কৰি বিফল হোৱাৰ পাছত এতিয়া পাকিস্তানে লাইন অৱ কন্ট্ৰল অৰ্থাৎ এল অ' চিত অশান্তিময় পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যে মোতায়েন কৰিছে বৃহৎ সংখ্যক সেনা বাহিনীৰ জোৱান আৰু লগতে বহু অস্ত্ৰ-শস্ত্ৰ।

Advertisment

পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ লগতে দেশখনৰ নেতা, ক্ৰিকেটৰ সকলেও এতিয়া কাশ্মীৰসন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে। তদুপৰি, সোমবাৰে ইমৰান খানে পাকিস্তানৰ নাগৰিককসম্বোধন কৰি পাৰমাণৱিক বোমাৰ আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছিল ভাৰতক। ইমৰান খানে কৈছিলযে, 'যদি কাশ্মীৰ বিষয়টো আগবাঢ়ে আৰু যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হয়, তেন্তে ভাৰতে মনতৰখা উচিত যে, দুয়োখন দেশৰে আছে পাৰমাণৱিক বোমা। আৰু ইয়াৰ প্ৰভাৱ কেৱল ভাৰত আৰুপাকিস্তানতে নহয়, সমগ্ৰ বিশ্বতেই পৰিব।'

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও পাকিস্তানে বহু বাৰ যুদ্ধবিৰতি উলংঘা কৰিছে। আৰুপাকিস্তানক ভাৰতীয় সেনা বাহিনীয়েও দিছে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ। শেহতীয়াকৈ ভাৰতীয়সেনাৰ প্ৰত্যুত্তৰত পাকিস্তানী সেনাৰ ব'ৰ্ডৰ একচন টীমৰ প্ৰায় ৬ জোৱানে হেৰুৱাইছিলপ্ৰাণ।