দিয়া হৈছে প্ৰশিক্ষণঃ পাকিস্তানৰ সৈতে যুঁজিব ভাৰতীয় সেনাৰ কুকুৰে...

সীমান্ত সুৰক্ষা বাহিনীয়ে (বিএছএফ) দেশত প্ৰথমবাৰৰ বাবে পাকিস্তানৰ পৰা অহা ড্ৰ’ন ধৰা পেলাবলৈ কুকুৰৰ প্ৰশিক্ষণ দিছে। এই ড্ৰ’নবোৰে পাকিস্তানৰপৰা মাদকদ্ৰব্য আৰু অস্ত্ৰ কঢ়িয়াই আনে।

New Update
fog

ডিজিটেল ডেস্কঃ  সীমান্ত সুৰক্ষা বাহিনীয়ে (বিএছএফ) দেশত প্ৰথমবাৰৰ বাবে পাকিস্তানৰ পৰা অহা ড্ৰ’ন ধৰা পেলাবলৈ কুকুৰৰ প্ৰশিক্ষণ দিছে। এই ড্ৰ’নবোৰে পাকিস্তানৰপৰা মাদকদ্ৰব্য আৰু অস্ত্ৰ কঢ়িয়াই আনে। কুকুৰৰ তীক্ষ্ণ শ্ৰৱণ ক্ষমতাই ড্ৰ’নৰ যান্ত্ৰিক শব্দ ধৰা পেলায়, যিটো মানুহৰ কাণেৰে সাধাৰণতে শুনা নাযায়।

পঞ্জাৱৰ বিএছএফৰ জেকী আৰু চুলতান নামৰ দুটা কুকুৰে ইতিমধ্যে নটা ড্ৰ’ন ধৰিছে। গুৱালিয়ৰৰ টেকানপুৰত প্ৰশিক্ষণপ্ৰাপ্ত এই কুকুৰৰ সফলতাৰ পিছত বিএছএফে আৰু অধিক কুকুৰৰ প্ৰশিক্ষণ আৰম্ভ কৰিছে। এই পদক্ষেপে সীমান্তৰ অবৈধ কাৰ্যকলাপ ৰোধ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে

ভাৰতীয় সেনা