১৫ দিনত শিশুসহ ৮০৭জন লোক নিৰুদ্দেশ হোৱা খবৰ মিছাঃ দিল্লী আৰক্ষী

দিল্লীত ১ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ শিশু-মহিলাসহ ৮০৭ গৰাকী লোক নিৰুদ্দেশ হোৱাৰ ঘটনা পোহৰলৈ আহিছিল। একাংশ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানত এই বাতৰি প্ৰকাশ পোৱাৰ পাছত শুকুৰবাৰে এক বিবৃতিযোগে স্পষ্টীকৰণ দিয়ে দিল্লী আৰক্ষীয়ে। 

author-image
Asomiya Pratidin
New Update
DELHIIII

ডিজিটেল ডেস্কঃ দিল্লীত ১ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ শিশু-মহিলাসহ ৮০৭ গৰাকী লোক নিৰুদ্দেশ হোৱাৰ ঘটনা পোহৰলৈ আহিছিল। একাংশ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানত এই বাতৰি প্ৰকাশ পোৱাৰ পাছত শুকুৰবাৰে এক বিবৃতিযোগে স্পষ্টীকৰণ আৰু সকীয়নি দিয়ে দিল্লী আৰক্ষীয়ে। 

এই বাতৰিসমূহ ভুৱা বুলি উল্লেখ কৰি দিল্লী আৰক্ষীৰ তৰফৰ পৰা কোৱা হয় যে, দেশৰ নাগৰিকসকলৰ মাজত আতংকৰ সৃষ্টি কৰা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে। লগতে সামাজিক মাধ্যমত দিল্লী আৰক্ষীয়ে পোষ্ট কৰি লিখিছে যে- সাধাৰণ ৰাইজক অনুৰোধ কৰিছো যে, এনে ভুৱা খবৰ চাই আতংকিত নহব আৰু বিশ্বাস নকৰিব। 

‘আৰক্ষীয়ে প্ৰতিটো পল শিশুসকলৰ সুৰক্ষাৰ বাবে কাম কৰি আহিছে। আমি সকলোৰে সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আৰু যিসকল বৰ্তমানলৈ প্ৰকৃততে নিৰুদ্দেশ হৈছে, তেওঁলোকৰ সন্ধান উলিয়াই পৰিয়ালৰ মাজলৈ লৈ অনাৰ বাবে আমি পাৰ্যমানে প্ৰয়াস কৰি আছো। বিগত বৰ্ষৰ তুলনাত নিৰুদ্দেশ হোৱা শিশু-মহিলা, পুৰুষৰ সংখ্যা হ্ৰাস পাইছে।’- বুলিও কয় দিল্লী আৰক্ষীয়ে। 

দিল্লী আৰক্ষী দিল্লী