/asomiyapratidin/media/media_files/2026/01/22/fioseufdiodis-2026-01-22-23-31-48.jpg)
ডিজিটেল ডেস্কঃ অসমৰ কবিতা বিষয়ক প্ৰৱন্ধৰ একমাত্ৰ আলোচনী কাব্যশ্ৰীৰ প্ৰকাশন গোষ্ঠীৰ তৰফৰ পৰা এইবৰ্ষৰ বাৰ্ষিক জীৱনজোৰা ‘সু-সৃষ্টি সন্মান ২০২৬’ প্ৰদান কৰা হয় বিশিষ্ট লেখিকা পদুমী গগৈক। আজি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সমবেত সুধী সমাজৰ উপস্থিতিত কাব্যশ্ৰী প্ৰকাশন গোষ্ঠীৰ তৰফৰ পৰা তেওঁক এই সন্মান অৰ্পণ কৰা হয়।
উল্লেখযোগ্য যে, টীয়ক মুদৈজানস্থিত কাব্যশ্ৰী প্ৰকাশন গোষ্ঠীয়ে প্ৰতিবছৰে ৰাজ্যিক ভিত্তিত সমাজৰ একোগৰাকী বিশিষ্ট ব্যক্তিক তেখেতৰ সামাজিক, বিদ্যাতনিক, বৌদ্ধিক তথা সাংস্কৃতিক অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰি আহিছে। ২০০০ চনত প্ৰতিষ্ঠিত এই প্ৰকাশন গোষ্ঠীৰ উদ্যোগত প্ৰদান কৰা এই সন্মান ইতিমধ্যে অসমৰ কেইবাগৰাকী নীৰৱ অথচ যশস্বী ব্যক্তিত্বই শ্ৰদ্ধাৰে গ্ৰহণ কৰি আহিছে।
প্ৰকাশন গোষ্ঠীটোৱে জানিবলৈ দিয়া অনুসৰি, নানা ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি গভীৰ আত্মপ্ৰত্যয় আৰু উৎকৰ্ষতাৰে এগৰাকী দায়বদ্ধ লেখিকা হিচাপে নিজকে প্ৰতিষ্ঠা কৰাত পদুমী গগৈয়ে সফলতা লাভ কৰিছে। অসমৰ কাব্য জগতখনক মননশীল চিন্তাৰে প্ৰসাৰ, সমৃদ্ধ আৰু গৰিমাময় কৰাৰ ক্ষেত্ৰত তেখেতৰ অৱদান অতি গুৰুত্বপূৰ্ণ বুলি প্ৰকাশন গোষ্ঠীয়ে অভিমত প্ৰকাশ কৰে।
ইয়াৰোপৰি অসম চৰকাৰৰ এগৰাকী উচ্চ পদস্থ কৰ্মক্ষেত্ৰত নিয়োজিত হৈও সমাজজীৱন আৰু সাহিত্য সাধনাক সমান্তৰালভাৱে আগবঢ়াই নি অধ্যয়ন বিমুখী সমাজখনক কলমৰ জৰিয়তে নতুন দিশ দেখুওৱা এক অনন্য লেখিকা হিচাপে পদুমী গগৈক অভিহিত কৰা হয়। এই দিশৰ পৰা তেখেত সাৰস্বত সাধনাৰ এক প্ৰতীক বুলি কাব্যশ্ৰী প্ৰকাশন গোষ্ঠীয়ে উল্লেখ কৰে।
ৰাজ্যখনৰ বহু বিদ্যাতনিক, সামাজিক তথা সাহিত্যিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ তেখেতে যি সামাজিক দায়বদ্ধতাৰ পৰিচয় দিছে, সেয়াও এই সন্মান প্ৰদানৰ অন্যতম কাৰণ বুলি উদ্যোক্তাসকলে সদৰি কৰে। অনুষ্ঠানটোত সাহিত্যপ্ৰেমী, বুদ্ধিজীৱী আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বহুসংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে গাম্ভীৰ্য আৰু মৰ্যাদা প্ৰদান কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us