/asomiyapratidin/media/media_files/2026/01/27/whatsapp-image-2-2026-01-27-12-13-33.jpeg)
ডিজিটেল ডেস্কঃঅসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাই অভিযোগ কৰিছে যে, তেওঁৰ ব্যক্তব একাংশ সংবাদ মাধ্যমে অসত্য আৰু বিকৃত ৰূপত উপস্থাপন কৰিছে। ৰাজখোৱাই এক লিখিত ব্যক্তব্যৰ জড়িয়তে এই সন্দৰ্ভত প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰে যে- '' মোৰ এটা বক্তব্য ভুলকৈ বা অসত্যভাৱে উপস্থাপন কৰা দৃষ্টিগোচৰ হৈছে ।
মোৰ বক্তব্যত 'মুখ্যমন্ত্ৰী' শব্দৰ উল্লেখেই হোৱা নাছিল । ক'তো চৰকাৰ প্ৰসঙ্গও নাছিল । অসত্য উপস্থাপন বা ভুল ব্যাখ্যা হ'ব নালাগে । মই কোনো ৰাজনৈতিক ব্যক্তি নহয়। অসম সাহিত্য সভাও ৰাজনৈতিক মঞ্চ নহয়। এতেকে ৰাজনীতি আমাৰ ধৰ্ম নহয় । আমি বিচাৰোঁ শান্তি-সম্প্ৰীতিৰে ভৰা সমাজ । সেই ইতিবাচক চিন্তাৰে আছিল মোৰ বক্তব্য। কিন্তু অসত্য উপস্থাপন হৈছে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/27/whatsapp-image-2026-2026-01-27-12-10-20.jpeg)
ইয়াত শিৰোনাম কৰা প্ৰথম, দ্বিতীয় আৰু চতুৰ্থ শাৰী মই নোকোৱা কথা। তৃতীয় শাৰীটো কৈছিলোঁ এনেদৰে, ভৈয়ামত থাকক, পৰ্বতত থাকক বা চৰ অঞ্চলত থাকক ,অসমত বসবাস কৰা অসমীয়া ভাষা সাহিত্যক ভাল শপোৱা প্ৰতিজন ভাৰতীয় নাগৰিকেই অসমীয়া। সেই অৰ্থত চৰ অঞ্চলৰ মুছলমানসকলো অসমীয়া । আপোনালোক অসমীয়া হৈ থাকক । অসমীয়া ভাষাক নিজৰ ভাষা হিচাপে বুকুত ঠাই দিয়ক। মই কৈছিলোঁ, জুবিন গাৰ্গে কোৱাৰ দৰে অসম সাহিত্য সভাত কোনো ধৰ্ম নাই, কোনো ভাষা নাই, কোনো জাতি নাই । কৈছিলোঁ, ৰাজনীতিৰ কথা সুকীয়া , সমাজনীতিও সুকীয়া । সমাজনীতিও সুকীয়া । সমাজ নীতিয়ে কয়,আমি সকলোৱে ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই থাকিব লাগিব ইত্যাদি ।
উল্লেখযোগ্য যে একাংশ সংবাদমাধ্যমত প্ৰকাশ পোৱা খবৰত ৰাজখোৱাই মুখ্যমন্ত্ৰীৰ প্ৰৰোচনাত ভৰি নিদিবলৈ অসম সাহিত্য সভাই আহ্বান জনোৱা বুলি খবৰ প্ৰকাশ কৰি চৰাঞ্চলৰ মুছলমানসকলো অসমীয়া বুলি শীৰ্ষক এক বাতৰি প্ৰকাশ পাইছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us