New Update
/asomiyapratidin/media/media_files/2025/12/25/fdfdfdfd-2025-12-25-13-18-27.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ বিশিষ্ট শিক্ষাবিদ, কামপুৰ মহাবিদ্যালৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক পদ্মেশ্বৰ শইকীয়াৰ আজি পুৱা প্ৰায় ৭-৩০ বজাত দেহাৱসান ঘটে। হৃদযন্ত্ৰৰ বিকলতাৰ ফলত পদ্মেশ্বৰ শইকীয়াই মৃত্যু সাৱটি লয় বুলি জানিবলৈ দিয়ে চিকিৎসকে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ।
শইকীয়া বিগত কিছুদিন ধৰি ডায়েবেটিছ মেলিটাছ, হাইপাৰটেনচন আৰু এটিপিকেল পাৰ্কিনছন ৰোগত আক্ৰান্ত আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী ভানু শইকীয়া, কামপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন সহযোগী অধ্যাপক তথা অসমীয়া বিভাগৰ মুৰব্বী, চাৰিগৰাকী কন্যা আৰু আত্মীয়-স্বজনক এৰি থৈ যায়। আজি বিয়লি ইয়াৰ নৱগ্ৰহ শ্মশানত তেওঁৰ অন্তিম অনুষ্ঠান সম্পন্ন কৰা হব। শিক্ষাবিদগৰাকীৰ মৃত্যুত কামপুৰত পৰিছে শোকৰ ছাঁ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us