/asomiyapratidin/media/media_files/2026/01/26/703-2026-01-26-10-10-02.jpg)
ডিজিটেল ডেস্ক : ভাৰতীয় ক্রিকেটৰ তাৰকাদ্বয় ৰোহিত শর্মা আৰু হৰমনপ্রীত কৌৰক পদ্মশ্ৰীৰে সন্মানিত কৰা হ'ব। ভাৰতীয় ক্রিকেটলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ লগতে সবল নেতৃত্বৰে ভাৰতক ক্রীড়া বিশ্বৰ মানচিত্ৰত সুকীয়া পৰিচয় দিয়াৰ বাবে তেওঁলোকক বিশেষ বঁটাৰে সন্মানিত কৰা হ'ব।
ভাৰতৰ পুৰুষ দলটোক সফলভাৱে নেতৃত্ব দি দুটাকৈ আই চি চি ট্রফী জয়ৰ সোৱাদ দিছে ৰোহিতে। তেওঁৰ নেতৃত্বত ভাৰতে ২০২৪ৰ টি-২০ বিশ্বকাপ জয় কৰাৰ উপৰি ২০২৫ বর্ষত আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰে।
অৱশ্যে ৰোহিতে এতিয়া কেৱল এদিনীয়া ফর্মেটতহে দেশৰ জাৰ্ছিত খেলে। আনহাতে হৰমনপ্রীতৰ নেতৃত্বত ভাৰতে প্ৰথমবাৰলৈ আই চি চি মহিলা বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us