তীব্ৰ গতিত চলিছে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে সংগ্ৰহালয়ৰ কাম

অবিভক্ত গোৱালপাৰা জিলাৰ বৰ্তমান ধুবুৰী জিলাৰ গৌৰীপুৰ চহৰৰ পূৱ দিশৰ  ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় এশ মিটাৰ নিলগৰ এটি ওখ টিলাৰ ওপৰত অৱস্থিত মাটিয়া বাগ ৰাজ হাউলী। যাক হাৱাখানা বুলি জনা যায়।

author-image
Asomiya Pratidin
New Update
281

ডিজিটেল সংবাদ, ধুবুৰী : অবিভক্ত গোৱালপাৰা জিলাৰ বৰ্তমান ধুবুৰী জিলাৰ গৌৰীপুৰ চহৰৰ পূৱ দিশৰ  ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় এশ মিটাৰ নিলগৰ এটি ওখ টিলাৰ ওপৰত অৱস্থিত মাটিয়া বাগ ৰাজ হাউলী। যাক হাৱাখানা বুলি জনা যায়।

গৌৰীপুৰৰ জমিদাৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাই ৰাজ হাউলীটো ১৯১৪ চনতে ৩,৪০,০০০ টকা ব্যয় কৰি নিৰ্মাণ কৰিছিল।  ১৯০৪ চনত ৰাজ হাউলী তথা হাৱাখানাৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰি ১৯১৪ চনত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল।

চীনা মিস্ত্ৰীৰ হতুৱাই সজা ৰাজ হাউলীত সৰ্বমুঠ ১৬ টা কোঠা আছে। তাৰে ৬ টা শোৱনি কোঠা,  ৪ টা কাষৰ কোঠা  ,১ টা  হল ঘৰ,  ৪খন দুৱাৰত আইনা লগাই ৰখা আৰু দুটা ডাঙৰ শ্ব'কেচত আইনা লগা হলত প্ৰবেশ কৰিলে চাৰিওফালে আইনা আৰু গ্লাচ থকা এটি সুন্দৰ দৃশ্য দেখিবলৈ পোৱা গৈছিল।  

আইনা লগা হলৰ ঠিক তলতে বিলিয়াৰ্দ ৰূম এটা  , ৪টা সৰু কোঠা ,৪ টা স্নানাগাৰ আৰু ৪ টা শৌচাগাৰ আছে । হাউলীৰ সৰ্বমুঠ খিৰিকীৰ সংখ্যা ২৫খন আৰু দুৱাৰৰ সংখ্যা  ১৩৮ খন।

বেছিভাগ দুৱাৰ ডবল, ভিতৰৰ ফালৰ দুৱাৰখন গ্লাচৰ আৰু বাহিৰৰ ফালৰখন কাঠৰ । বায়ু চলাচলৰ বাবে দুৱাৰত 'খৰখৰি' লগোৱা আছে । ৰাজ হাউলি তথা  হাৱাখানাক তেতিয়াৰ দিনত ৰজাই গ্ৰীষ্মকালিন আৱাস হিচাপে ব্যৱহাৰ কৰিছিল।

হাৱাখানাৰ কাষেৰে গদাধৰ নৈ বৈ গৈছে। যাৰ কুলু শব্দ সকলোকে মোহিত কৰি তোলে। হাৱাখানা প্ৰায় ১৩ বিঘা মাটিকালিত অৱস্থিত। শীত কালত বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই হাৱাখানা লৈ আহে ।

মন কৰিবলগীয়া যে শীত কালত কাঞ্চনজংঘাৰ শৃংগ হাৱাখানাৰ বাৰাণ্ডাৰ পিছফালে থকা ছাদৰ পৰা স্পষ্টভাৱে দেখিবলৈ পোৱা যায়। কাঠৰ গুৰা , দাইল, কণী, ইটা গুৰি আৰু ঢালাই কৰা লোহাৰে ৰাজ হাউলী নিৰ্মিত কৰা বুলি জানিব পৰা গৈছে।

ৰাজ হাউলী তথা হাৱাখানাৰ বাৰাণ্ডাৰ ৰেলিঙত গৌৰীপুৰ বুজাবলৈ জি পি বুলি ঠায়ে ঠায়ে খোদিত কৰা আছে । অকল হাৱাখানাৰ  বাবেই  ৰেলিং বিশেষভাৱে নিৰ্মাণ কৰা হৈছিল ।

বৃটিছৰ সময়ত অসমৰ ভিতৰত শ্বিলঙৰ গভৰ্ণৰ হাউচৰ পিছতে দ্বিতীয় ধুনীয়া আৱাস বুলি হাৱাখানা পৰিচিত  আছিল। দুমহলীয়া  হাৱাখানা তথা ৰাজ হাউলীৰ ওপৰ মহলাৰ মজিয়া সম্পূৰ্ণ কাঠৰে তৈয়াৰী কৰিছে।

হিন্দু, ইছলাম, আৰু খ্ৰীষ্টান ডিজাইনৰ সুন্দৰ মিশ্ৰণ ঘৰটোৰ আৰ্হিত দেখা পোৱা যায়। এই ৰাজ হাউলীতে  হস্তি বিশাৰদ প্ৰকৃতিশ চন্দ্ৰ বৰুৱা ( লালজী), গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে আৰু হস্তি কন্যাৰূপে খ্যাত পাৰ্বতী  বৰুৱাই যৌৱন আৰু বৃদ্ধ কাল কটাইছিল।

প্ৰভাত চন্দ্ৰ বৰুৱাই সজা এই অতিথিশালাত তেওঁ‌ ভাৰতৰ বিভিন্ন প্ৰান্তৰ যেনে বাৰাণসী , লক্ষ্ণৌ,কলকাতা আদিৰ সংগীতজ্ঞক আমন্ত্ৰণ কৰিছিল আৰু জলছাৰ আয়োজন কৰিছিল। প্ৰমথেশ বৰুৱাৰ 'মুক্তি' চিনেমাৰ ছুটিং মাটিয়াবাগ হাৱাখানা তথা ৰাজ হাউলিতে হৈছিল।

বহু বিখ্যাত মানু্হ মাটিয়াবাগ ৰাজহাউলিত অতিথি হৈ আছিল । তাৰে ভিতৰত কলাগুৰু বিষ্ণু ৰাভা, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা আৰু তেওঁৰ পত্নী প্ৰীয়ম্বদা পেটেল 'মাহুত বন্ধু ৰে' চলচ্চিত্ৰৰ দৃশ্য গ্ৰহণৰ বাবে হাৱাখানাত প্ৰায় ৪৫ দিন অতিবাহিত কৰিছিল।

উল্লেখ্য যে মাহুত বন্ধু ৰে চলচ্চিত্ৰ ছবিত বিষ্ণু ৰাভাই গাঁওবুঢ়াৰ চৰিত্ৰত অভিনয় কৰিছিল । আনহাতে উত্তম কুমাৰ আৰু অৰুন্ধতী দেৱী , চিনেমাৰ পৰিচালক দিলীপ ৰয়, হৃত্তিক ঘটক, প্ৰভাত মুখাৰ্জি, মুনমুন সেন , টম অল্টাৰ , সৌমিত্ৰ চেটাৰ্জী আদিও বিভিন্ন সময়ত হাৱাখানা তথা ৰাজ হাউলিলৈ আহিছিল।  

বিচাৰক আৰু গজমুক্তা চলচ্চিত্ৰ ছবিৰ দৃশ্যগ্ৰহণো হাৱাখানাত হৈছিল। মাটিয়াবাগ ৰাজ হাউলি ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাৰ উত্তৰসুৰি হিচাবে তেওঁৰ দ্বিতীয় পুত্ৰ প্ৰকৃতিশ বৰুৱাই লাভ কৰে আৰু তাৰ পাছত  প্ৰকৃতিশ চন্দ্ৰ বৰুৱাৰ উত্তৰসুৰি হিচাবে তেওঁৰ পুত্ৰ প্ৰবীৰ কুমাৰ বৰুৱা, প্ৰদ্যুৎ বৰুৱা, প্ৰীতম বৰুৱা আৰু প্ৰদীপ বৰুৱাই লাভ কৰে ।

শতায়ু গৰকা ঐতিহ্যবাহী হাৱাখানা মেৰামতি তথা সংৰক্ষণৰ অভাৱত জহি খহি যোৱাৰ উপক্ৰম হোৱাত ৰাজপৰিয়ালৰ লগতে জিলা খনৰ সচেতন মহলে বিভিন্ন সময়ত সংৰক্ষণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই অহাৰ ভিত্তিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত অসম চৰকাৰে হাৱাখানা সংৰক্ষণ কৰি ৰখাৰ বাবে অধিগ্ৰহণ কৰিছিল। পাছত হাৱাখানাক পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে সংগ্ৰহালয় নাম দিয়াৰ লগতে পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই মতে বৰ্তমানে তীব্ৰ গতিত হাৱাখানাৰ মেৰামতিৰ কাম চলি থকাৰ লগতে চাৰিওফালে দেৱালৰ কাম সম্পূৰ্ণ হৈ উঠিছে।

WhatsApp Image 2025-09-07 at 7.49.17 PM

আনহাতে সংগ্ৰহালয় লৈ ৰাজপৰিয়ালে ৰঘুনাৰায়নৰ বৰটোপ, প্ৰকৃতিশ চন্দ্ৰ বৰুৱাৰ লগতে ৰাজপৰিয়ালৰ সদস্যই কৰা হাতী,বাঘ চিকাৰ কাহিনীৰ কিতাপ,ৰজাদিনীয়া বন্দুক, তৰোৱাল,হাতী,গঁড়,বাঘ,হৰিণ আদিৰ মূৰ সংগ্ৰহালয়ৰ সৌন্দৰ্যৰ বাবে আগবঢ়াইছে। উল্লেখ্য যে হাৱাখানা পৰ্যটন কেন্দ্ৰ হিচাপে স্থাপিত হ'লে মাটিয়াবাগৰ লগতে সমগ্ৰ গৌৰীপুৰ উন্নয়নৰ দিশত আগবাঢ়ি যাব। বাণিজ্যিক উত্তৰণৰ লগতে  থলুৱা শিল্প আদিৰ বজাৰ এখনো নিশ্চিত ভাৱে  গঢ়ি উঠিব পাৰিব বুলি গৌৰীপুৰীয়া ৰাইজে মন্তব্যও কৰা দেখা গৈছে।

উক্ত সংগ্ৰহালয়ত ভাৰত গৌৰৱ চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা  প্ৰমথেশ চন্দ্ৰ বৰুৱা, লোক - সংস্কৃতিৰ একান্ত সাধক নিহাৰবালা বৰুৱা আৰু নীলিমা বৰুৱা তথা ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাৰো কিৰ্তীৰাজি সংৰক্ষিত হোৱাটো গৌৰীপুৰৰ ৰাইজে বিচাৰিছে।  প্ৰকৃতিশ চন্দ্ৰ বৰুৱাৰ চিকাৰ কাহিনী আৰু  হস্তি বিশাৰদ পাৰ্বতী বৰুৱাৰ কীৰ্তি চিহ্ন উক্ত কেন্দ্ৰত স্থান দিয়াৰো দাবী জনাইছে গৌৰীপুৰৰ ৰাইজে।

প্ৰতিমা বৰুৱা পাণ্ডে