/asomiyapratidin/media/media_files/2025/12/14/1-2025-12-14-11-04-49.jpg)
ডিজিটেল ডেস্কঃ নদুৱাৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত চাৰিটাকৈ পকী পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ এই উপলক্ষে শনিবাৰে দিনযোৰা কাৰ্য্যসূচীৰে আয়োজিত পথ নিৰ্মাণৰ শুভাৰম্ভণী অনুষ্ঠান সমূহত বিধায়ক গৰাকীয়ে কয় যে- মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত নদুৱাৰ সমষ্টিৰ ৮০ শতাংশ গ্ৰাম্য পথৰ পকীকৰণ ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷ বাকী ২০ শতাংশ পথ শীঘ্ৰেই সম্পূৰ্ণ হৈ উঠিব ৷
/asomiyapratidin/media/post_attachments/f7162476-388.png)
ইয়াৰেই অংশ স্বৰূপে টুপীয়া নামঘৰৰ পৰা টুপীয়া একাডেমী সংযোগী পথ , চাৰিপুখুৰী পৰা গড় বিল সংযোগী পথ আৰু হাটিঙাৰ পৰা দক্ষিণ বালিজুৰি সংযোগী পথৰ লগতে মধ্য বালিজুৰি অঞ্চলৰ পথকে ধৰি ৪ টাকৈ গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিবলৈ পাই নিজকে ধন্য বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। ইপিনে এই পথ সমূহৰ পকীকৰণৰ কাম সম্পূৰ্ণ হৈ উঠিলেই গ্ৰামাঞ্চলৰ ৰাইজৰ যাতায়ত ব্যৱস্থা অতি সুচল হৈ উঠিব বুলিও মন্তব্য কৰে সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই।
/asomiyapratidin/media/post_attachments/35bfbaba-832.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us