/asomiyapratidin/media/media_files/2025/08/09/1-2025-08-09-15-29-09.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী: চিকিৎসা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপে অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিয়ে বিশ্ববিখ্যাত হৃদযন্ত্ৰ আৰু কাৰ্ডিঅ’থ’ৰেচিক চাৰ্জন তথা মেডান্টা- দ্য মেডিচিটিৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক পদ্মভূষণ ডা০ নৰেশ ট্ৰেহানক বিজ্ঞানৰ সন্মানীয় ডক্তৰেট ডিগ্ৰী (ডি.এছ.চি.) প্ৰদান কৰিব।
কালি মেডান্টাত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ আচাৰ্য ড০ এ কে পানছাৰীয়ে ডা০ ট্ৰেহানক সাক্ষাৎ কৰি ২০২৫ চনৰ ৩১ অক্টোবৰত আৰ জি ইউৰ ৫ম সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি এই সন্মানীয় ডিগ্ৰী লাভ কৰিবলৈ আনুষ্ঠানিক আমন্ত্ৰণ জনায়। ডা০ ট্ৰেহানে আনন্দৰে এই প্ৰস্তাৱ গ্ৰহণ কৰিছে।
এই সন্দৰ্ভত ড০ পানছাৰীয়ে কয়, “এয়া কেৱল ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ বাবেই নহয় সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলৰ বাবেও এক অপৰিসীম গৌৰৱৰ মুহূৰ্ত। আমি এজন দূৰদৰ্শী চিকিৎসকক সন্মান জনোৱাৰ সুবিধা পাইছো, যাৰ নিষ্ঠা, বিশেষজ্ঞতা, আৰু মানৱতাৰ প্ৰতি সেৱাই স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত নতুন মাপকাঠী স্থাপন কৰিছে। এই ডিগ্ৰী প্ৰদানৰ জৰিয়তে আমি তেঁওক সম্মান জনাইছোঁ আৰু ভবিৎস্যত প্ৰজন্মক প্ৰেৰণা যোগাবলৈ চেষ্টা কৰিছো। ।”
বিশ্বব্যাপী প্ৰশংসিত কাৰ্ডিঅ’ভাস্কুলাৰ আৰু কাৰ্ডিঅ’থ’ৰেচিক চাৰ্জন ডাঃ ট্ৰেহানে ৪৮,০০০ৰো অধিক সফল মুকলি হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিছে আৰু ভাৰতত এই ক্ষেত্ৰত তেওঁক অগ্ৰণী হিচাপে গণ্য কৰা হয়।