ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি ভৱনত দেশৰ সৰ্বোচ্চ অসামৰিক পদ্ম সন্মান প্ৰদান কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। পুৱাৰ ভাগত আয়োজন কৰা এই অনুষ্ঠানত ৭গৰাকীলৈ পদ্মবিভূষণ, ১০গৰাকীলৈ পদ্মভূষণ আৰু ১০২গৰাকীলৈ পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে, মৰণোত্তৰভাৱে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ পদ্মভূষণ আৰু ইমৰান শ্বাহ, দুলাল মাঙ্কি, ৰমেন শৰ্মা, বীৰুৱালা ৰাভা, মংগল সিং হাজোৱাৰী, গোপীৰাম বৰগায়ন, বিজয়া চক্ৰৱতী আৰু লখিমী বৰুৱালৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হয়। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি ভাল সংখ্যক গণ্যমাণ্য ব্যক্তি উপস্থিত আছে।
প্ৰয়াত বিজেপি নেত্ৰী সুষমা স্বৰাজলৈ আগবঢ়োৱা হৈছে পদ্ম বিভূষণ সন্মান। তেওঁৰ কন্যান বান্সুৰী স্বৰাজে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা এই সন্মান গ্ৰহণ কৰে। দেশৰ তাৰকা বেডমিন্টন খেলুৱৈ পি ভি সিন্ধুলৈ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে। মৰণোত্তৰ এছ পি বালাসুব্ৰমণিয়াম, নৰেন্দ্ৰ সিং কাপানি, বি ভি লাললৈ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে।