নতুন দিল্লীৰ পৰা গুৱাহাটীলৈ জুবিনৰ সহযাত্ৰী হ'ব বন্ধু পবিত্ৰ মাৰ্ঘেৰিটা...

ছিংগাপুৰৰ পৰা অহা এয়াৰ ইণ্ডিয়া বিমান নিশা ১১-৩০ বজাত অৱতৰণ কৰিবহি নতুন দিল্লীত। তাৰ পাছত আন এখন বিমানেৰে জুবিন গাৰ্গৰ পাৰ্থিৱ দেহ লৈ অহা হ'ব গুৱাহাটীলৈ। 

author-image
Asomiya Pratidin
New Update
379

ডিজিটেল ডেস্ক : ছিংগাপুৰৰ পৰা অহা এয়াৰ ইণ্ডিয়া বিমান নিশা ১১-৩০ বজাত অৱতৰণ কৰিবহি নতুন দিল্লীত। তাৰ পাছত আন এখন বিমানেৰে জুবিন গাৰ্গৰ পাৰ্থিৱ দেহ লৈ অহা হ'ব গুৱাহাটীলৈ। 

সেই বিমানখনত জুবিনৰ সহযাত্ৰী হিচাপে থাকিব বন্ধু তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিমল বৰা। ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও নতুন দিল্লীত আছেগৈ। দিল্লীত উপস্থিত হৈয়েই ড০ শৰ্মাই প্ৰায় এঘণ্টা ধৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এক বৈঠকত মিলিত হয়।

এই বৈঠকত মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰী শ্বাহৰ সৈতে কি কথা আলোচনা কৰিলে, সেয়া এতিয়াও সদৰী কৰা নাই যদিও জুবিন গাৰ্গৰ প্ৰসংগৰ লগতে আন বিষয়বোৰে স্থান লাভ কৰিছে। গৃহমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈয়ে তেওঁ অসম ভৱনলৈ ঘূৰি আহে।

তাৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। তেওঁ জনাই যে, জুবিন গাৰ্গৰ অন্ত্যোষ্টিক্ৰিয়াৰ স্থান কেবিনেট বৈঠকত চূড়ান্ত কৰা হ'ব। দেওবাৰে সন্ধিয়া ৬-০০ বজাত কেবিনেট বৈঠক অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মৰমৰ শিল্পীগৰাকীৰ শেষ শ্ৰদ্ধা জনাবৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা কৰাৰ কথা তেওঁ সদৰী কৰে। 

শিল্পীগৰাকীক মৰ্যাদাসহকাৰে শেষ বিদায় দিবলৈ ৰাজ্য চৰকাৰ প্ৰস্তুত বুলিও তেওঁ কয়। জুবিনৰ অনুৰাগীসকলে সুচাৰুৰূপে এই সময়খিনি পাৰ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে। কোনো কাৰণতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ তেওঁ আহ্বান জনায়। 

তেওঁ কয়- আইনৰ উৰ্ধত কোনো নহয়। দেওবাৰৰ পৰা দোকান- পোহাৰ খুলিবলৈও তেওঁ আহ্বান জনায়। অসম ভৱনৰ পৰা মুখ্যমন্ত্ৰী ১১-০০ বজাত বিমান বন্দৰ অভিমুখে যাব। বিমান বন্দৰত তেওঁ জুবিনৰ নশ্বৰ দেহ চমজি ল'ব। তাৰ পিছত তেওঁ পুৱাৰ ভাগত ডেৰাডুন অভিমুখে ৰাওনা হ'ব। মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে জুবিনৰ নশ্বৰ দেহ জি এম চি এইছৰ চিকিৎসকেও পৰীক্ষা কৰিব।

জুবিন গাৰ্গ