/asomiyapratidin/media/media_files/2025/10/11/new-ap-web-1-2025-10-11-16-25-54.jpg)
ডিজিটেল সংবাদ বেকাজানঃ শনিবাৰে তিতাবৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘেৰিটা। যোৰহাট লোকসভা সমষ্টিৰ বিশেষ দায়িত্বত থকা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তিতাবৰৰ কেবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
পুৱা পবিত্ৰ মাঘেৰিটাই মাধপুৰৰ পদ্মৰাম শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত শুশ্ৰূষা সেতু স্বাস্থ্যমেলাত অংশগ্ৰহণ কৰি কয়, অসমত চিকিৎসা ক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰ্তন হৈছে। তাৰে সাক্ষী হৈ ৰ'লো আজি তিতাবৰত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ শুশ্ৰুষা সেতু অনুষ্ঠানত। শুশ্ৰুষা সেতুৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ স্বাস্থ্য বিভাগে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ছাত্র ছাত্ৰীৰ ৰোগ নিদানৰ স্বাস্থ্যমেলা আয়োজন কৰিছে। ইয়াৰ দ্বাৰা শিক্ষাৰ্থীসকল উপকৃত হ'ব।
ইফালে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী পবিত্র মাঘেৰিটাই কয়- জুবিনৰ ন্যায় ন্যায়পালিকাই প্ৰদান কৰিব। মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া তদন্ত সমিতিয়ে বিজ্ঞানসন্মতভাৱে তদন্তৰ কাম ক্ষীপ্ৰতাৰে আগবঢ়াই নিছে। ন্যায়পালিকাই অসমৰ ৰাইজৰ আস্থা আৰু বিশ্বাসক আগত ৰাখিয়েই ন্যায় প্ৰদান কৰিব।
আনহাতে, জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত কংগ্ৰেছ দল আৰু গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰি মাঘেৰিটাই কয়- জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা স্থিতিকে গৌৰৱ গগৈ আৰু কংগ্ৰেছে পৰজীৱি হিচাপে কাম কৰিছে। জুবিন গাৰ্গ ন্যায়ৰ দাবী কৰি ৰাজনৈতিক মুনাফা লাভৰ চেষ্টা কৰিছে। কাৰণ কংগ্ৰেছৰ এতিয়া কোনো ইচ্ছু নাই।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, কংগ্ৰেছে এতিয়া কথা কয় আনফালে ৰাজনীতিৰ গান বজায় জুবিন গাৰ্গৰ। তেওঁলোকে শ্ল'গান দি আছে কংগ্ৰেছক ভোট দিয়ক আৰু তাত গান লগায় মায়াবিনী। কেনেকুৱা ধৰণৰ কথা।কংগ্ৰেছক এনেধৰণৰ নিকৃষ্ট ৰাজনীতিৰ পৰা আঁতৰি আহিবলৈও আহ্বান মন্ত্ৰী মাঘেৰিটাৰ।
উল্লেখযোগ্য যে আজি ৰাজ্যজুৰি বিধান সভাভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠানত তিতাবৰ সমজিলাৰ ১৮ বছৰৰ তলৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় ২৫০০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱায়। আজিৰ শুশ্ৰুষা সেত অনুষ্ঠানত যোৰহাট জিলা আয়ুক্ত জয় শিবানী , তিতাবৰ সমজিলা আয়ুক্ত বিপাঞ্চী দত্ত, আৰু যোৰহাট জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক উপস্থিত থাকে।