পবিতৰাত গঁড়ৰ সন্ত্ৰাস

পবিতৰাত এতিয়া সন্ত্ৰাসৰ সৃষ্টি কৰিছে এটা গঁড়ে। পুৱতি নিশা মনহা আৰু হাতীউঠা অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰে গঁড়টোৱে। এতিয়াও জনাঞ্চলত বিচৰণ কৰি আছে গঁড়টোৱে। 

author-image
Asomiya Pratidin
New Update
new ap web 4 (23)

ডিজিটেল সংবাদ, মায়ং:  পবিতৰাত এতিয়া সন্ত্ৰাসৰ সৃষ্টি কৰিছে এটা গঁড়ে। পুৱতি নিশা মনহা আৰু হাতীউঠা অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰে গঁড়টোৱে। এতিয়াও জনাঞ্চলত বিচৰণ কৰি আছে গঁড়টোৱে। 

বন বিভাগৰ ১০-১২ জনীয়া দল এটা উপস্থিত হৈছে মনহাত। গঁড়টোক খেদিবলৈ বন বিভাগৰ দলটোৱে চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ সফল হোৱা নাই। 

ইফালে, বন বিভাগৰ লোকে ৰাইজক হুলস্থূল পৰিৱেশৰ সৃষ্টি নকৰিবলৈ মাইকযোগে জনাইছে আহ্বান। কিয়নো কিছুদিন পূৰ্বে সমীপৰ এলেকাত গঁড়ে আক্ৰমণ কৰিছিল এজন কৃষকক।

উল্লেখ্য যে, ১১ জানুৱাৰীত পবিতৰাৰ গঁড়ৰ আক্ৰমনত আহত হয় ৰজা মায়ঙৰ কৃষকগৰাকী। পথাৰত কাম কৰি থকা অৱস্থাত কৃষকগৰাকীৰ হাতত কামুৰিছিল গঁড়টোৱে। কৃষক গৰাকী এতিয়াও চিকিৎসাধীন অৱস্থাত আছে। 

বন বিভাগ পবিতৰা