/asomiyapratidin/media/media_files/2025/11/28/4-2025-11-28-16-02-25.jpg)
ডিজিটেল ডেস্কঃ শীতৰ আগমনৰ লগে লগে গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী এটা খৰ্গ যুক্ত গঁড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্যত সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে। অভয়াৰণ্য খনৰ বিল,খাল আৰু জলাশয় বোৰত এইবাৰো দেশ বিদেশৰ জাক জাক জলচৰ পৰিভ্ৰমী পক্ষীৰ কলকাকলিৰে মুখৰিত হৈ থকা দেখা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/whatsapp-image-2025-11-28-15-53-29.jpeg)
উল্লেখ্য যে অভয়াৰণ্য খনৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ অহা পৰ্যটক সকলে নিতৌ পুৱা গধুলি অভয়াৰণ্যৰ জলাশয় কেইটাত সুদুৰ চাইবেৰিয়া,অষ্ট্ৰেলিয়া,কানাডা,জন্মু-কাশ্মীৰ,লাডাখ,পাকিস্তান,চীন আদি দেশৰ পৰা অহা বিভিন্ন প্ৰজাতিৰ জলচৰ পক্ষীৰ মুক্ত বিচৰণ দেখি আপ্লুত হৈছে যদিও পবিতৰা অভয়াৰণ্য আৰু নিকটৱৰ্তী জৈৱ-বৈচিত্ৰ্যৰে ভৰপুৰ নৈ বিল বোৰত বিভিন্ন কাৰণত পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পোৱাও পৰিলক্ষিত হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/image-41-2025-11-28-15-55-52.png)
তাৰোপৰি পবিতৰাৰ মাজেদি পাৰ হৈ যোৱা মায়ং কমাৰপুৰ চামতা ব্যস্ত পথেৰে প্ৰতি মুহূৰ্তত ইটা বালি কঢ়িয়াই থকা গধুৰ যান-বাহন আৰু সৰু সুৰা বাহন চলাচল বৃদ্ধি পোৱাৰ ফলতো যি শব্দ প্ৰদূষণ সৃষ্টি হয় তাৰ ফলতো তামুলীডোভা আৰু হাডুক এলেকাত যথেষ্ট হ্ৰাস পাইছে।পকৰীয়া নৈ খনতো আগৰ বছৰ বোৰত যথেষ্ট পৰিমাণৰ জলচৰ পক্ষীৰ বিচৰণ দেখা গৈছিল। পিছে যোৱা দুবছৰ ধৰি নৈ খনৰ পাৰত একাংশ ভূ-মাফিয়াই বিলৰ মহলদাৰৰ লগ লাগি অবৈধ ভাবে জেচিবি লগাই মাটি খনন কাৰ্য্য চলাই থকাৰ বাবে পকৰীয়াৰ মানচিত্ৰ সলনি হৈছে। জধে মধে নৈ খনত খনন কাৰ্য চলাই মাছ কাছৰ উপৰিও জলচৰ পক্ষীৰ প্ৰতি তীব্ৰ ভাবুকি আহি পৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/whatsapp-image-2025-11-28-15-58-01.jpeg)
আনফালে, ইয়াৰ মাজতেই পবিতৰা চাবলৈ অহা পৰ্যটকৰ বাবে আহিছে ভাল খবৰ। অভয়াৰণ্য খনত শেহতীয়াকৈ দেখা পোৱা গৈছে কেবাটাও বিৰল প্ৰজাতিৰ পৰিভ্ৰমী জলচৰ পক্ষীৰ অৱস্থিতি। যেনে হোয়াইট ফ্ৰন্টেড হাঁহ, পাইড এভ’চেট, ফেলকেটেড ডাক, ফেৰুজিনাছ পচাৰ্ড, নৰ্দাৰ্ণ পিনটেইল, গ্ৰেট ক্ৰেষ্টেড গ্ৰেব, কমন পচাৰ্ড। অভয়াৰণ্যখনৰ তিনি গুৰুত্বপূৰ্ণ বিল অৰ্থাৎ তামুলিডুভা, পাগলাডোভা আৰু হাঁহচৰা বিলত উল্লেখিত প্ৰজাতিৰ চৰাইবোৰ পৰ্যবেক্ষণ কৰিছে । ড° উদয়ন বৰঠাকুৰ, বিনোদ ডেকা, দেবাজিৎ নাথ, প্ৰসন্ন কলিতা, উমেশ ডেকা, নৰুত্তম ডেকা আদিকে ধৰি বন বিভাগৰ কৰ্মচাৰী আৰু স্বেচ্ছাসেৱী সংগঠনৰ লোকে। প্ৰখ্যাত এন জি অ’, ফটোগ্ৰাফাৰ আৰু পক্ষী গণনাত জৰিত বিশেষজ্ঞ সকলৰ দ্বাৰা অতি সোনকালে বাৰ্ডলাইফ ইণ্টাৰনেশ্যনেলে আই, বি, এ হিচাপে চিনাক্ত কৰা অভয়াৰণ্যখনত পক্ষীৰ প্ৰজাতিৰ মুঠ সংখ্যা আৰু ইয়াৰ জনসংখ্যা চিনাক্ত আৰু গণনাৰ বাবে জৰিপ চলাব বুলি পবিতৰাৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই জানিবলৈ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us