ডিজিটেল ডেস্ক : কৃত্ৰিম বুদ্ধিমত্তা চমুকৈ এ আয়ে এতিয়া বিভিন্ন ক্ষেত্ৰত বিৰাজ কৰিবলৈ লৈছে। আমাৰ দৈনন্দিন জীৱনৰ প্ৰায়বোৰ কাম- কাজত এতিয়া কৃত্ৰিম বুদ্ধিমত্তা চমুকৈ এ আয়ে প্ৰৱেশ কৰিছে।
অতি সহজ আৰু কম সময়ৰ ভিতৰতে প্ৰায়বোৰ কাম নিয়াৰিকৈ কৰিব পৰা এক কৃত্ৰিম ব্যৱস্থা হৈছে এ আই। বিজ্ঞানৰ উত্তৰণৰ প্ৰভাৱত সৃষ্টি কৰা এ আইক অতি শেহতীয়া সংস্কৰণ বুলি ক’লেও বঢ়াই কোৱা নহ’ব।
এই এ আয়ে এতিয়া আন আন ক্ষেত্ৰৰ সমান্তৰালকৈ দেশৰ আইনী কামসমূহতো প্ৰৱেশ কৰিছে। এই পদ্ধতিৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ ৩৬,৩২৪টা ৰায় হিন্দীলৈ অনুবাদ কৰা হৈছে। একেদৰে ৪২,৭৬৫টা ৰায়দান ১৭টা আঞ্চলিক ভাষালৈ অনুবাদ কৰা হৈছে। শুকুৰবাৰে ই- এছ চি আৰ প’ৰ্টেলে এই কথা ৰাজহুৱা কৰিছে।
উল্লেখযোগ্য যে আইন আৰু ন্যায় বিভাগৰ ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে লোকসভাত লিখিত উত্তৰত কয় যে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ অনুবাদৰ সৈতে জড়িত সমগ্ৰ কামৰ ওপৰত উচ্চ ন্যায়ালয়ৰ এ আই অনুবাদ সমিতিসমূহে নিৰীক্ষণ কৰি আছে স্থানীয় ভাষা। আইনী গৱেষণা আৰু অনুবাদৰ ক্ষেত্ৰত এ আইৰ পদক্ষেপক আলোকপাত কৰি মেঘৱালে কয় যে অনুবাদ, ভৱিষ্যদ্বাণী আৰু পূৰ্বাভাস তথা প্ৰশাসনিক দক্ষতা বৃদ্ধি আদিৰ ক্ষেত্ৰত এ আই ব্যৱহাৰ কৰা হৈছে।
উল্লেখযোগ্য যে এতিয়ালৈকে দেশৰ ১৭খন উচ্চ ন্যায়ালয়ে নিজৰ ৱেবছাইটত ই-উচ্চ ন্যায়ালয়ৰ প্ৰতিবেদন চমুকৈ ই-এইচ চি আৰ স্থাপন কৰিবলৈ আৰম্ভ কৰিছে বুলি মন্ত্ৰালয়ে সদৰী কৰে।