/asomiyapratidin/media/media_files/2025/09/01/1-2025-09-01-13-59-12.jpg)
ডিজিটেল ডেস্কঃ পূৰ্ব আফগানিস্তানত সংঘটিত এক ভয়ংকৰ ভূমিকম্পত অন্ততঃ ২৫০ জন লোকৰ মৃত্যু ঘটিছে। ঘটনাত ৫০০তকৈও অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। ভূমিকম্পটোৰ প্ৰভাৱত অসংখ্য গাঁও আৰু ঘৰ ধ্বংসস্তূপত পৰিণত হৈছে।
স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি, ৰিখ্টাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল প্ৰায় ৬.৩। ঘটনাত অধিক ক্ষতি খোস্ত আৰু পাকটিকা প্ৰদেশত হোৱা বুলি জানিব পৰা গৈছে। উদ্ধাৰ কাৰ্য্যত ব্যস্ত থকা দলসমূহে ইতিমধ্যেই শতাধিক লোকক ধ্বংসস্তূপৰ পৰা উদ্ধাৰ কৰিছে, যদিও বহু লোক এতিয়াও ঘৰ আৰু ভগ্নাৱশেষৰ তলত আৱদ্ধ হৈ থকাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।
আফগানিস্তানত দীৰ্ঘদিন ধৰি চলি থকা সংঘাত আৰু প্ৰাকৃতিক দুৰ্ঘটনাৰ মাজত এই ভূমিকম্পই পুনৰ এক গভীৰ সংকটৰ সৃষ্টি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থা আৰু ৰাষ্ট্ৰসংঘে ইতিমধ্যেই সহায় আৰু উদ্ধাৰ সামগ্ৰী প্ৰেৰনৰ বাবে উদ্যোগ লোৱা জানিব পৰা গৈছে ।