যোগী আদিত্যনাথৰ শাসনত জেইল হৈছে নৰক! ১৮০০ কাৰাবন্দীৰ মৃত্যু

যোগী আদিত্যনাথৰ শাসনত জেইল হৈছে নৰক! ১৮০০ কাৰাবন্দীৰ মৃত্যু

author-image
asomiyapratidin
New Update
যোগী আদিত্যনাথৰ শাসনত জেইল হৈছে নৰক! ১৮০০ কাৰাবন্দীৰ মৃত্যু

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত যোগী আদিত্য নাথৰ কাৰ্যকালত কাৰাগাৰৰ দুৰাৱস্থাই এতিয়া সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে কয়দীৰ বাবে। যোৱা ৫ বছৰৰ ভিতৰত ৰাজ্যখনৰ কাৰাগাৰৰ ভিতৰত মৃত্যু ঘটিছে ১৮০০ জনতকৈও অধিক বন্দীৰ। সম্প্ৰতি তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পোহৰলৈ আহিছে এই নিৰ্মম সত্য। ৰাজ্যখনত সকলোতকৈ অধিক বন্দীৰ মৃত্যু ঘটিছে বৰেলী কাৰাগাৰত। তাত যোৱা ৫ বছৰৰ ভিতৰত মৃত্যু ঘটিছে ১১৯ জন বন্দীৰ। ইয়াৰ পিছতেই ১১৩ জন বন্দীৰ মৃত্যু ঘটিছে ফতেহপুৰ কাৰাগাৰত।

Advertisment

জ্যেষ্ঠ অধিবক্তা কে চি জৈনে আবেদন জনোৱা তথ্য জনা অধিকাৰ আইনৰ ৰিপৰ্ট অনুসৰি উত্তৰ প্ৰদেশৰ প্ৰায়বোৰ কাৰাগাৰৰ দুৰাৱস্থাই হৈছে বন্দীৰ মৃত্যুৰ মূল কাৰণ। কাৰাগাৰত থাকিবলগীয়া নূন্যতম সা-সুবিধাখিনিও নাই কেইবাখনো কাৰাগাৰত। বহু কাৰাগাৰত প্ৰয়োজনতকৈ দুগুন, কোনোবাখনত আকৌ পাঁচগুণ অধিক বন্দীক ৰখা হৈছে। যাৰ ফলত খাদ্য, নিদ্ৰা আদিৰ পৰ্যাপ্ত সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছে বহু বন্দী।

তথ্য জনাৰ অধিকাৰ আইনৰ তথ্য অনুসৰি কাৰাগাৰ চিকিৎসালয়ত দীৰ্ঘদিন ধৰি চিকিৎসক, ফাৰ্মাচিষ্ট, লেব তথা এক্সৰে টেকনিছিয়ানৰ পদসমূহ খালী হৈ আছে যদিও মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সেইবোৰ পূৰণত কোনো গুৰুত্ব প্ৰদান কৰা নাই। যাৰ ফলত সাধাৰণ ৰোগতে মৃত্যু ঘটি আহিছে বন্দীসকলৰ।

অধিবক্তা কে চি জৈনে কয়, 'কাৰাগাৰ হৈছে বন্দীৰ মানসিক পৰিৱৰ্তন ঘটাই সমাজৰ মূল সূতিলৈ উভতাই অনাৰ এক উদ্দেশ্য। কিন্তু কাৰাগাৰত যদি বন্দীয়ে পাব লগীয়া নূন্যতম সুবিধাখিনি লাভ নকৰে, তেনে মৃত্যুমুখত পৰাটো স্বাভাৱিক। চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত।' ইফালে, জ্যেষ্ঠ অধিবক্তাগৰাকীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি উত্তৰ প্ৰদেশৰ ইন্সপেক্টৰ জেনেৰেল অৱ প্ৰিজন চন্দ্ৰা প্ৰকাশে কাৰাগাৰৰ দুৰাৱস্থাৰ কথা মানি ল'বলৈ অস্বীকাৰ কৰে। তেওঁ কয়, 'বয়সজনিত কাৰণ আৰু অসুস্থতাৰ বাবেই সকলো বন্দীৰ মৃত্যু ঘটিছে। ইয়াত অস্বাভাৱিক বুলি কোনো কথা নাই।' যোগী আদিত্য নাথৰ শাসন কালত ৰাজ্যখনৰ কাৰাগাৰ সমূহৰ আন্তঃগাঁঠনি উন্নত হোৱা বুলিও দাবী কৰে তেওঁ।