উত্তপ্ত বেলুচিস্তানঃ  ১৪০ জনতকৈ অধিক  লোকৰ মৃত্যু

পাকিস্তানত নিষিদ্ধ সংগঠন বেলুচ লিবাৰেচন আৰ্মীয়ে চলোৱা এই আক্ৰমণৰ পাছতে সমগ্ৰ পাকিস্তানত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। 

author-image
Asomiya Pratidin
New Update
new ap web new-Recovered.jpg

ডিজিটেল ডেস্কঃ বেলুচিস্তানত যোৱা দুদিন ধৰি অব্যাহত বেলুচ লিবাৰেচন আৰ্মীৰ আক্ৰমণ। এই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত চলা নিৰাপত্তাৰক্ষীৰ অভিযানত এই পৰ্যন্ত ১৪০তকৈও অধিক উগ্ৰপন্থী নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে। পাকিস্তানত নিষিদ্ধ সংগঠন বেলুচ লিবাৰেচন আৰ্মীয়ে চলোৱা এই আক্ৰমণৰ পাছতে সমগ্ৰ পাকিস্তানত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। 

WhatsApp Image 2026-02-01 at 6.38.48 PM (1)

উল্লেখ্য যে, বেলুচ লিবাৰেচন আৰ্মীয়ে বেলুচিস্তানৰ কুৱেটা ,গোৱাডৰ ,মাষ্টুং আৰু নৌচকিকে ধৰি ১২ তকৈও অধিক স্থানত আক্ৰমণ চলায়। তাৰ পাছতে বেলুচ লিবাৰেচন আৰ্মী আৰু পাকিস্তান সেনাবাহিনীৰ মাজত আৰম্ভ হয় সংঘৰ্ষ। এই সংঘৰ্ষত ১৭ জন আৰক্ষী আৰু সেনাজোৱান শ্বহীদ হয়। এই হিংসাত্মক ঘটনাত ৩১ জন সাধাৰণ নাগৰিকৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। 

বেলুচ লিবাৰেচন আৰ্মীৰ আক্ৰমণৰ এই ঘটনাৰ পাছতে কুৱেটাৰ পৰা আন ঠাইলৈ চলাচল কৰা ৰে'ল সেৱা বন্ধ কৰি দিয়া হৈছে আৰু বহু ঠাইত  ব্যাহত হৈ পৰিছে মোবাইল ইণ্টাৰনেট সেৱা। ইফালে নিৰাপত্তাৰক্ষীয়ে তৎপৰতাৰে এই আক্ৰমণ প্ৰতিহত কৰা বুলি বেলুচিস্তানৰ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি কয় - অধিকাংশ ঠাইতে উগ্ৰপন্থীৰ পৰিকল্পনা ব্যৰ্থ কৰা হৈছে আৰু বিভিন্ন প্ৰান্তত এতিয়াও নিৰাপত্তাৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত আছে। 

WhatsApp Image 2026-02-01 at 6.39.14 PM

বেলুচিস্তান