প্ৰকৃতিৰ তাণ্ডৱ! থাইলেণ্ড, ইণ্ডোনেছিয়া, শ্ৰীলংকাত নিহত ১২৩০ জন...

অহৰহ হৈ থকা বৰষুণৰ ফলত সমগ্ৰ অঞ্চল প্লাৱিত হৈ পৰাৰ লগতে হাজাৰ হাজাৰ লোক বানত আবদ্ধ হৈ পৰিছিল। এই বানত অত্যন্ত ক্ষতিগ্ৰস্ত হয় ইণ্ডোনেছিয়াৰ সুমাট্ৰা দ্বীপৰ গাঁওসমূহ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  থাইলেণ্ডত ভয়াবহ হৈ পৰিছে বান পৰিস্থিতি। এই পৰ্যন্ত বানত প্ৰায় ১২০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। বান আৰু ভূমিস্খলনত কমেও ১২৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ইণ্ডোনেছিয়াত ৬৫৯ জন, শ্ৰীলংকাত ৩৯০ জন আৰু থাইলেণ্ডত ১৮১ জন লোকৰ মৃত্যু হোৱা বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

1,200 Dead from Floods in Indonesia ...

উল্লেখ্য় যে, অহৰহ হৈ থকা বৰষুণৰ ফলত সমগ্ৰ অঞ্চল প্লাৱিত হৈ পৰাৰ লগতে হাজাৰ হাজাৰ লোক বানত আৱদ্ধ হৈ পৰিছিল। এই বানত অত্যন্ত ক্ষতিগ্ৰস্ত হয় ইণ্ডোনেছিয়াৰ সুমাট্ৰা দ্বীপৰ গাঁওসমূহ। ইতিমধ্যে উদ্ধাৰকাৰী দলে বন্যাৰ্তক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বানৰ ফলত প্ৰায় ৪৭৫ জন লোক সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে। 

1,200 dead from floods in Indonesia ...

তাৰোপৰি, দক্ষিণ থাইলেণ্ডত বানপানীয়ে ১৫ লাখতকৈ অধিক পৰিয়াল আৰু ৩৯ লাখ লোকক ক্ষতিগ্ৰস্ত কৰিছে। ইপিনে থাইলেণ্ডৰ স্বৰাজ মন্ত্ৰালয়ে সদৰি কৰা তথ্য মতে, চৰকাৰে আজি ক্ষতিপূৰণৰ ধন বিতৰণৰ প্ৰথমটো কিস্তি মুকলি কৰাৰ কথা ঘোষণা কৰিছে। চৰকাৰৰ মুখপাত্ৰ ছিৰিপং আংকাছাকুলকিয়াটে সোমবাৰে এই কথা জনাইছে। এই প্ৰথমটো কিস্তিত মুঠ২৩৯ মিলিয়ন থাই বাহাট বিতৰণ কৰা হ'ব।

শ্ৰীলংকা থাইলেণ্ড