এক লাখৰো অধিক চাহ জনগোষ্ঠী, আদিবাসী সম্প্ৰদায়ৰ লোকে কপালে তিনিচুকীয়া...

জনজাতিকৰণ, ভূমিৰ অধিকাৰ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীৰে আজি তিনিচুকীয়াৰ আকাশ, বতাহ কপাই তুলিলে এক লাখৰো অধিক চাহ জনগোষ্ঠীয় তথা আদিবাসী সম্প্ৰদায়ৰ লোকে।

author-image
Tushar Pratim
New Update
WhatsApp Image 2025-10-08 at 17.33.28

ডিজিটেল ডেস্কঃ জনজাতিকৰণ, ভূমিৰ অধিকাৰ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীৰে আজি তিনিচুকীয়াৰ আকাশ, বতাহ কপাই তুলিলে এক লাখৰো অধিক চাহ জনগোষ্ঠীয় তথা আদিবাসী সম্প্ৰদায়ৰ লোকে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জিলাখন ভ্ৰমণ কৰাৰ সময়তে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। 

এই প্ৰতিবাদত অংশগ্ৰহণ কৰে সদৌ অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা চুমকৈ AATSA, আদিবাসী ছাত্ৰ সন্থা, চাহ শ্ৰমিক সংঘকে ধৰি অন্যান্য চাহ জনগোষ্ঠীয় সংগঠনে। এইসকল সংগঠনৰ নেতৃত্বত হোৱা প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত হোৱা এক লাখৰো অধিক প্ৰতিবাদকাৰীৰ সমাগমৰ বাবে একপ্ৰকাৰে স্তব্ধ হৈ পৰে সম্পূৰ্ণ যাতায়ত ব্যৱস্থা। 

প্ৰতিবাদৰ সময়তে প্ৰতিবাদক নেতৃত্ব দিয়া এজন নেতাই সংবাদ মাধ্যমৰ আগত কয়, ‘আমি বাৰে বাৰে চৰকাৰক আমাৰ দাবী আৰু অধিকাৰৰ বিষয়ে উল্লেখ কৰি সেইবোৰ সমাধানৰ বাবে আহ্বান জনাই আহিছো। সেই সকলো দাবী পূৰণ কৰাৰ প্ৰতিশ্ৰুতি আমাক চৰকাৰে দি আহিছিল যদিও এতিয়ালৈকে দাবী পূৰণত ব্যৰ্থ হৈছে। এই চৰকাৰে কিয় আমাৰ দাবীক অবহেলা কৰি আহিছে? তেওঁলোকে কেৱল নিৰ্বাচনৰ সময়ত আমাক ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰে। এবাৰ জয়ী হ’লেই তেওঁলোকৰ আমাক দিয়া প্ৰতিশ্ৰুতি পাহৰি যায়। আমি বাৰে বাৰে কৈ অহাৰ পাছতো চৰকাৰ কিয় আমাৰ দাবী পূৰণত ব্যৰ্থ হৈছে?

উল্লেখ্য যে, অসমত বাস কৰা চাহ জনগোষ্ঠীয় লোকসকলৰ লগতে আদিবাসী সম্প্ৰদায়ৰ লোকসকলে দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। দেশৰ অন্য ৰাজ্যত জনজাতীয় মৰ্যাদা লাভ কৰা আদিবাসীসকলে অসমত সেই মৰ্যাদা লাভ কৰা নাই। 

অসমৰ যি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী উত্থাপন হৈ আহিছে তাৰ ভিতৰত অন্যতম এই চাহ জনগোষ্ঠী তথা আদিবাসীসকল। জনজাতিকৰণৰ দাবীৰে তেওঁলোকে দীৰ্ঘদিন ধৰি চলাই অহা সংগ্ৰামখনক নতুন গতি দিয়াৰ লক্ষ্যৰেই আজি তিনিচুকীয়াত এই বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। 

ইতিমধ্যে উজনি অসমত মৰাণ, মটক জনগোষ্ঠীয় লোকসকলৰ প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰিছে। একেদৰে কোচ-ৰাজবংশীসকলেও জনজাতিকৰণৰ দাবীৰে সংগ্ৰাম অব্যাহত ৰাখিছে।

এনে পৰিস্থিতিৰ মাজতে উজনি অসমৰ ৰাজনৈতিক, সামাজিক পৰিবেশ উত্তাল কৰি আজি এক লাখৰো অধিক লোকে একেলগে জনজাতিকৰণ দাবীৰে যি দাবী সাব্যস্ত কৰিলে সেই প্ৰতিবাদে অসম চৰকাৰক জোকাৰি গৈছে। সলনি কৰিবলৈ বাধ্য হৈছে মুখ্যমন্ত্ৰীৰ ভাষ্য। 

কেইদিনমানৰ আগলৈকে আন্দোলন কৰিলেই জনজাতিকৰণ নহয় বুলি উল্লেখ কৰি তেওঁলোকে কিয় আন্দোলন কৰি আছে বুলি প্ৰশ্ন কৰা মুখ্যমন্ত্ৰীয়ে আজি জনজাতিকৰণৰ দাবীৰে হোৱা প্ৰতিবাদক সন্মান দিয়া দেখা গৈছে।  

প্ৰতিবাদ চাহ জনগোষ্ঠী জনজাতিকৰণ