ৱেব ছিৰিছ ‘তাণ্ডৱ’ৰ পৰিচালকে বিচাৰিলে ক্ষমা…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ ৱেব ছিৰিছ 'তাণ্ডৱ'ৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত ৰুজু কৰা হৈছে গোচৰ। তাৰপাছতেই ৱেব ছিৰিছখনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ক্ষমা বিচাৰি এটা টুইট কৰিছে পৰিচালক আলি আব্বাছ জাফৰে। তেওঁ এই টুইটটোত লিখিছে যে- 'আমি দৰ্শকৰ প্ৰতিক্ৰিয়া দেখিছো। লগতে আমাক তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰণালয়ে বহু লোকে 'তাণ্ডৱ'ৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত অৱগত কৰিছে। আৰু এই ৱেব ছিৰিছে বিভিন্নজনক আঘাত হানিছে।'

লগতে তেওঁ টুইটটোত লিখিছে যে- 'ৱেব ছিৰিছ 'তাণ্ডৱ'খন সম্পূৰ্ণ কাল্পনিক। এই ৱেব ছিৰিছ বা ইয়াত অভিনয় কৰা কোনো অভিনেতা-অভিনেত্ৰীৰ দ্বাৰা কোনো ব্যক্তি, জাতি, ধৰ্ম, প্ৰতিষ্ঠানক আঘাত হনাৰ চেষ্টা কৰা হোৱা নাই। তথাপিও যদি কোনো লোকৰ হৃদয়ত আঘাত হনা হৈছে তেন্তে আমি ক্ষমাপাৰ্থী।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in