ঢকুৱাখনাত আধুনিক নৃত্য প্ৰতিযোগিতাৰ আয়োজন

নৃগোষ্ঠীয় লোক কৃষ্টি সংস্কৃতিৰ লগতে আধুনিক নৃত্য গীতৰ জৰিয়তে উদ্যমী যুৱ প্ৰজন্মৰ ব্যুৎপত্তি আৰু প্ৰতিভা বিকাশৰ লক্ষ্যৰে  ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰি আহিছে নৃত্য প্ৰতিযোগিতা।

author-image
Asomiya Pratidin
New Update
24

ডিজিটেল সংবাদ, ঢকুৱাখনা : বৃহত্তৰ পূব ঢকুৱাখনাৰ শৈক্ষিক সামাজিক সংগঠন পূব ঢকুৱাখনাৰ অভয়পুৰ নাহৰণি গাঁও যুবক সংঘই ১৯৮৭ চনৰ পৰাই বিদ্যায়তনিক দিশৰ উত্তৰণৰ লগতে সাংস্কৃতিক ভাবেও নব প্ৰজন্মক পৰিশীলিত প্ৰণালীবদ্ধ পদ্ধতিৰে আগুৱাই লৈ যোৱাৰ অবিৰত প্ৰচেষ্টা অব্যাহত ৰাখি আহিছে। নৃগোষ্ঠীয় লোক কৃষ্টি সংস্কৃতিৰ লগতে আধুনিক নৃত্য গীতৰ জৰিয়তে উদ্যমী যুৱ প্ৰজন্মৰ ব্যুৎপত্তি আৰু প্ৰতিভা বিকাশৰ লক্ষ্যৰে  ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰি আহিছে নৃত্য প্ৰতিযোগিতা।

এই সাংস্কৃতিক পৰম্পৰা অব্যাহত ৰাখি অহা ২১ অক্টোবৰ মঙলবাৰে সন্ধিয়া ৬-৩০ বজাত অভয়পুৰ নাহৰণী ৰাজহুৱা ভৱনত অনুষ্ঠিত কৰিছে প্ৰাইজমানি আধুনিক নৃত্য প্ৰতিযোগিতা । মিচিং ,অসমীয়া আৰু হিন্দী গীতৰ এই নৃত্য প্ৰতিযোগিতা মঙলবাৰে সন্ধিয়া ৬-৩০ বজাত অনুষ্ঠিত হ'ব বুলি জনাইছে আয়োজক যুৱক সংঘৰ সভাপতি চন্দ্ৰ শেষৰ পেগু আৰু সাধাৰণ সম্পাদক ৰাহুল কুলিয়ে ।

শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰাপ্তিৰ কামনা আৰু বিদেহ আত্মাৰ সদগতি কামনাৰে অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে শুভাৰম্ভ হ'ব লগা ১৯ সংখ্যক এই নৃত্য প্ৰতিযোগিতাৰ প্ৰথম  শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগীক নগদ ৫০০১ টকা ,দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিযোগীক ৩০০১ টকা আৰু তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগীক নগদ ২০০১ টকা প্ৰদান কৰাৰ লগতে নিচুকনি বঁটাৰো ব্যৱস্থা থকা বুলি জনাইছে। আগ্ৰহী প্ৰতিযোগী সকলক সমিতিৰ সভাপতিৰ ফোন নম্বৰ  7086580992 আৰু 8135949251 যোগে যোগাযোগৰ আহ্বান জনাইছে ।

প্ৰতিযোগিতাত সংস্কৃতিপ্ৰেমীৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে যুৱক সংঘই ।

dhakuakhana