/asomiyapratidin/media/media_files/2025/09/05/254-2025-09-05-18-53-33.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : সাহিত্যাচাৰ্য্য ড০ প্ৰমোদ চন্দ্র ভট্টাচাৰ্য্য স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আয়োজন কৰিবলৈ লোৱা হৈছে এখনি ৰচনা প্ৰতিযোগিতাৰ। এই সন্দৰ্ভত স্মৃতি ৰক্ষা সমিতিৰ সভাপতি কনক চন্দ্র শৰ্মাই জনাইছে যে ড০ প্ৰমোদ চন্দ্র ভট্টাচার্য্যদেৱৰ জন্ম শতবার্ষিকী পালনৰ এটি অংশ হিচাপে সদৌ অসম ভিত্তিত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্য্যায়ৰ ছাত্র-ছাত্ৰীসকলৰ মাজত এই ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
ৰচনাৰ বিষয়বস্তু হৈছে - শিক্ষাবিদ ড: প্ৰমোদ চন্দ্র ভট্টাচার্য্য আৰু ভাষা সাহিত্য লৈ তেখেতৰ অৱদান। ইচ্ছুক ছাত্ৰ- ছাত্রীক ১৫০০ শব্দৰ ভিতৰত ৰচনাখন লিখি মহাবিদ্যালয়/ বিশ্ববিদ্যালয়ৰ মুৰব্বীৰ প্ৰমাণ পত্ৰসহ তলত দিয়া ঠিকনাত পঠিয়াবলৈ অনুৰোধ কৰিছে। ৰচনা পঠোৱাৰ অন্তিম তাৰিখ- ৩০/০৯/২০২৫।
আগ্ৰহীসকলে বিশদভাৱে জানিব খুজিলে তলত দিয়া ম'বাইল নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি উদ্যোক্তাই জনায়।
যোগাযোগ নম্বৰটি হৈছে- ৯৮৬৪০৭২১২৩। একেদৰে ৰচনা পঠোওৱাৰ ঠিকনা হৈছে - ডা০ শিখা শৰ্মা, এল ১, ব্লক ২, জগবন্ধু এপাৰ্টমেন্ট, জি এছ ৰোড, ভঙাগড়, গুৱাহাটী, কামৰূপ মেট্রো, পিন- ৭৮১০০৫, অসম।