সদৌ অসম ভিত্তিত মুকলি প্ৰাইজমানী প্ৰৱন্ধ প্ৰতিযোগিতাৰ আয়োজন

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ মাজত সদৌ অসম ভিত্তিত মুকলি প্ৰাইজমানী প্ৰৱন্ধ প্ৰতিযোগিতা, ২০২৫ৰ আয়োজন কৰা হৈছে ।

author-image
Asomiya Pratidin
New Update
106

ডিজিটেল সংবাদ, চৰাইদেউ : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ মাজত সদৌ অসম ভিত্তিত মুকলি প্ৰাইজমানী প্ৰৱন্ধ প্ৰতিযোগিতা, ২০২৫ৰ আয়োজন কৰা হৈছে । প্ৰতিযোগিতাৰ বিষয় হৈছে- "মোৰ দৃষ্টিত জুবিন গাৰ্গৰ জীৱন, দৰ্শন আৰু ইয়াৰ প্ৰাসংগিকতা।" 

উদ্যোক্তাই জনোৱা মতে প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ এনেধৰণৰ-

প্ৰথম পুৰস্কাৰঃ নগদ ১০০০০ টকা, ট্ৰফী আৰু মানপত্ৰ।

দ্বিতীয় পুৰস্কাৰঃ নগদ ৭০০০ টকা, ট্ৰফী আৰু মানপত্ৰ।

তৃতীয় পুৰস্কাৰঃ নগদ ৫০০০ টকা, ট্ৰফী আৰু মানপত্ৰ।

চতুৰ্থ পুৰস্কাৰঃ নগদ ৩০০০ টকা, ট্ৰফী আৰু মানপত্ৰ।

পঞ্চম পুৰস্কাৰঃ নগদ ২০০০ টকা, ট্ৰফী আৰু মানপত্ৰ। (পঞ্চম পুৰস্কাৰ পাঁচটা) 

পুৰস্কাৰপ্ৰাপ্ত লেখাৰ লগতে প্ৰকাশৰ যোগ্য লেখাসমূহ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিতব্য চ্যুকাফা দিৱস উপলক্ষ্যে প্ৰকাশ কৰিবলগীয়া জুবিন গাৰ্গবিষয়ক গ্ৰন্থ "সূৰ্য্যকন্ঠ"ত প্ৰকাশ কৰা হ'ব। প্ৰতিটো লেখাৰ সৰ্বাধিক শব্দৰ সংখ্যাৰ উৰ্দ্ধসীমা ১৫০০।

লেখাসমূহ ১৫ নৱেম্বৰ, ২০২৫ ইং তাৰিখৰ ভিতৰত ই-মেইলযোগে প্ৰেৰণ কৰিব লাগিব। নিজ নিজ শিক্ষানুষ্ঠানৰ নাম, শ্ৰেণী আৰু মোবাইল ফোন নম্বৰ স্পষ্টকৈ উল্লেখ কৰিব লাগিব।

১৫ নৱেম্বৰৰ পাচত প্ৰাপ্ত লেখাবোৰ প্ৰতিযোগিতাৰ বাবে গ্ৰহন কৰা নহ'ব। লেখাসমূহ জীৱন গাৰ্গৰ জীৱন আৰু আদৰ্শ, ইয়াৰ প্ৰাসংগিকতাৰ ওপৰত হোৱাটো বাঞ্চনীয়। পুৰস্কাৰৰ বাবে যোগ্য বিবেচিত লেখকসকলক ২ ডিচেম্বৰ, ২০২৫ ইংৰাজী তাৰিখে সোণাৰিত অনুষ্ঠিতব্য গ্ৰন্থ উন্মোচনী সভাত পুৰস্কৃত কৰা হ'ব। Palash.changmai 123@gmail.Com

সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ