পৰম্পৰা ২০২৫ : সদৌ অসম ভিত্তিত ভাওনাৰ দৃশ্যাংশ প্ৰতিযোগিতাৰ আয়োজন

‘পৰম্পৰা ২০২৫’ শীৰ্ষক নামেৰে সদৌ অসম ভাওনা সন্মিলনৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে এক পদক্ষেপ গ্ৰহণ কৰিছে। ভাওনা সন্মিলনৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত ভাওনাৰ দৃশ্যাংশ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-19 at 12.44.03 PM

ডিজিটেল ডেস্ক : ‘পৰম্পৰা ২০২৫’ শীৰ্ষক নামেৰে সদৌ অসম ভাওনা সন্মিলনৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে এক পদক্ষেপ গ্ৰহণ কৰিছে। ভাওনা সন্মিলনৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত ভাওনাৰ দৃশ্যাংশ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 

২০ আৰু ২১ ডিচেম্বৰ ২০২৫ত অনুষ্ঠিতব্য এই প্ৰতিযোগিতাখনি গণেশগুৰিস্থিত গোপাল বড়ো হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ’ব। উদযাপন সমিতিৰ সভাপতি জয়ন্ত কুমাৰ ডেকা আৰু সাধাৰণ সম্পাদিক বন্দনা বৰঠাকুৰে জনোৱা অনুসৰি ২০ ডিচেম্বৰৰ পুৱা ১০-০০ বজাত অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান। 

য’ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী ডা০ ৰণোজ পেগু, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ বিজুলী কলিতা মেধি, প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী। স্থানীয় আয়তীৰ দ্বাৰা পৰিৱেশিত দিহানামেৰে এই অনুষ্ঠান উদ্বোধন কৰা হ’ব।

পুৱা ১১-০০ বজাৰ কাৰ্যসূচীত আছে আলোচনা চক্ৰ। এই আলোচনা চক্ৰত সঞ্চালক হিচাপে উপস্থিত থাকিব ড০ শ্ৰীশ্ৰী পিতাম্বৰ দেৱগোস্বামী। আলোচনা চক্ৰখনি উদ্বোধন কৰিব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

আলোচনাৰ বিষয় হৈছে- 'সমাজৰ আৰ্থ- সামাজিক দিশত ভাওনাৰ প্ৰভাৱ'। ইয়াৰ পাছতে আবেলি ৩-৩০ বজাৰ বন্তি প্ৰজ্জ্বলনৰ লগে লগে আৰম্ভ হ’ব মূল কাৰ্যসূচী- ভাওনাৰ দৃশ্যাংশ প্ৰতিযোগিতাৰ উদ্বোধন। উদ্বোধন কৰিব- ড০ শ্ৰীশ্ৰী পিতাম্বৰ দেৱগোস্বামীয়ে। 

উক্ত কাৰ্যসূচীত উপস্থিত থাকিব অসম বিধানসভাৰ উপাধ্যক্ষ বিশ্বজিৎ দৈমাৰী, আছুৰ উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্য। আনহাতে ২১ ডিচেম্বৰ বিয়লি অনুষ্ঠিত হ’ব বন্তি প্ৰজ্জ্বলন, বিশেষ সম্বৰ্ধনা অনুষ্ঠান, বঁটা বিতৰণী অনুষ্ঠান। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী কেশৱ মহন্ত। একেদৰে সন্ধিয়া ৬-০০ বজাত অনুষ্ঠিত হ’ব ভাওনা প্ৰদৰ্শন। এই ভাওনা প্ৰদৰ্শন কৰিব আউনীআটী সত্ৰৰ বৈষ্ণৱ শিল্পীসকলে।

ভাওনা