আকৌ মিত্ৰতা : এইবাৰ গৌৰৱ গগৈৰ ফোন- আহক কথা পাতো...

শাসকীয় দলৰ দৰেই বিৰোধী দলবোৰেও আগন্তুক ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছত প্ৰথমবাৰৰ বাবে গৌৰৱ গগৈয়ে বিৰোধী মিত্ৰতাক লৈ আয়োজন কৰিছে এখন বিশেষ বৈঠক

author-image
Asomiya Pratidin
New Update
new ap web 3 (16)

ডিজিটেল ডেস্ক : শাসকীয় দলৰ দৰেই বিৰোধী দলবোৰেও আগন্তুক ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছত প্ৰথমবাৰৰ বাবে গৌৰৱ গগৈয়ে বিৰোধী মিত্ৰতাক লৈ আয়োজন কৰিছে এখন বিশেষ বৈঠক। ১২ নৱেম্বৰত এই বৈঠক অসম বিধানসভাৰ কংগ্ৰেছৰ বিধায়িনী দলৰ কক্ষত অনুষ্ঠিত হ’ব।

উক্ত দিনা বিয়লি ৪-০০ বজাত অনুষ্ঠিত হ’ব লগা এই বৈঠকলৈ গৌৰৱ গগৈয়ে নিজেই ফোন কৰি মাতিছে বিৰোধী ৰাজনৈতিক দলবোৰৰ নেতৃত্বক। এই বৈঠকলৈ নিমন্ত্ৰণ কৰা সকলৰ ভিতৰত আছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, বাওঁ দলবোৰৰ নেতৃত্বকে ধৰি প্ৰায়বোৰ বিৰোধী দলৰ প্ৰতিনিধিক।

বৈঠকত অজিত ভূঞা আৰু জন ইংতি কাঠাৰো উপস্থিত থকাৰ কথা। বিৰোধী মিত্ৰতাৰ প্ৰসংগতে গৌৰৱ গগৈৰ পৃষ্ঠপোষকতাত প্ৰাথমিক পৰ্যায়ত মিত্ৰতা সন্দৰ্ভত আলোচনা চলিব বুলি কংগ্ৰেছৰ এক সূত্ৰই জানিবলৈ দিছে। 

ইফালে অসম জাতীয় পৰিষদে এই বৈঠকত মিত্ৰতা সন্দৰ্ভত সঠিক ৰণনীতি প্ৰস্তুত কৰাৰ এক ইতিবাচক প্ৰয়াস বুলি উল্লেখ কৰিছে। লুৰীণজ্যোতি গগৈয়ে এই সন্দৰ্ভত কয় যে, গৌৰৱ গগৈয়ে নিজেই উদ্যোগ লৈ এই বৈঠকৰ আহ্বান কৰিছে, সেয়েহে আমি আশাবাদী।

বিধানসভা নিৰ্বাচন লৈ মাজত ছমাহো সময় নাই। ইতিমধ্যে মিত্ৰতাৰ সন্দৰ্ভত কোনো স্পষ্ট ইংগিত নোপোৱাত বিৰোধী দলবোৰে নিজা নিজাকৈ বিভিন্ন সমষ্টিত তৎপৰতা আৰম্ভ কৰিছে। ৰাইজৰ দলকে ধৰি বিৰোধী দলসমূহে কংগ্ৰেছৰ সৈতে এই মিত্ৰতা হ’লে সমষ্টিকেন্দ্ৰিক ভাগ-বতোৱাৰাক লৈ সহমতত উপনীত হ’ব নোৱাৰাতো বিৰোধী মিত্ৰতাৰ ক্ষেত্ৰত এক ডাঙৰ প্ৰত্যাহ্বান হৈ আহিছে। 

এই প্ৰেক্ষাপটত কংগ্ৰেছে মিত্ৰতাক লৈ আহ্বান কৰা বৈঠকত এইবোৰ বিষয়ো গুৰুত্বপূৰ্ণ স্থান লাভ কৰিব। কেইবাবাৰো কংগ্ৰেছৰ আপোচহীন স্থিতিৰ বাবে বিৰোধীৰ এই মিত্ৰতা ফলপ্ৰসূ হোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ৰাজ্যৰ ৰাজনীতিত যথেষ্ট নতুন সমীকৰণে গা কৰি উঠিছে। 

জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগক লৈ পৃথকে পৃথকে কংগ্ৰেছ, ৰাইজৰ দলৰ নেতৃত্বই যুৱ প্ৰজন্মৰ ভোটাৰৰ সমৰ্থন আদায়ৰ চেষ্টা কৰিছে। এই ৰাজনৈতিক পৰিৱেশৰ মাজতে গৌৰৱ গগৈয়ে আহ্বান কৰা এই বৈঠকৰ সিদ্ধান্তসমূহ কি হয় সেয়া লক্ষ্যণীয় হ’ব।

অখিল গগৈ লুৰীণজ্যোতি গগৈ গৌৰৱ গগৈ