/asomiyapratidin/media/media_files/2025/09/01/235-2025-09-01-18-16-44.jpg)
ডিজিটেল সংবাদ, সৰুপেটা : সৰুপেটাৰ পৰা প্ৰকাশিত 'প্ৰত্যুষ' আলোচনীৰ ২৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে প্ৰত্যুষ গোষ্ঠীয়ে এলানি সাহিত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছে । প্ৰতিযোগিতাসমূহ হ'ল - কাশীনাথ তালুকদাৰ আৰু ভুটিমালতী তালুকদাৰ সোঁৱৰণী প্ৰবন্ধ প্ৰতিযোগিতা (মুকলি); বিষয় হ'ল : নব্য মাধ্যমত অসমীয়া সাহিত্য চৰ্চা, ৰতিকান্ত তালুকদাৰ আৰু মোহিনী তালুকদাৰ সোঁৱৰণী গল্প প্ৰতিযোগিতা (মুকলি),
একেদৰে অক্ষয় দাস সোঁৱৰণী কবিতা প্ৰতিযোগিতা (মুকলি), ৰীণা দাস আৰু গৰ্গৰাম পাঠক সোঁৱৰণী অসমীয়া ধুনীয়া হাতৰ আখৰ লিখা প্ৰতিযোগিতা (ষষ্ঠ শ্ৰেণীলৈকে), কোৰবান আলী আহমেদ আৰু ধীৰেন দাস সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা (নৱম শ্ৰেণীলৈকে); বিষয় হ'ল : পৰিবেশ সংৰক্ষণ । প্ৰতিযোগিতাসমূহৰ প্ৰথম পুৰস্কাৰ হিচাপে নগদ দুহেজাৰ টকা, মানপত্ৰ আৰু বঁটা, দ্বিতীয় পুৰস্কাৰ হিচাপে নগদ এহেজাৰ টকা, মানপত্ৰ আৰ বঁটা প্ৰদান কৰা হ'ব।
ইচ্ছুক প্ৰতিযোগীসকলে তেওঁলোকৰ লেখাসমূহ অহা ১০ অক্টোবৰ অথবা তাৰ আগতে চম্পক দাস, সম্পাদক 'প্ৰত্যুষ', সৰুপেটা, বজালী-- ৭৮১৩১৮ ঠিকনালৈ ডাকযোগে অথবা 'প্ৰত্যুষ'ৰ ই-মেইল : pratyush.editor@gmail.com অথবা ৯৪৩৫৬-৪৩৮৫৫, ৮৬৩৮০-৬৩১৪৩ নম্বৰত হোৱাটছএপযোগে পঠিয়াব লাগিব।
ইচ্ছুক প্ৰতিযোগীসকলে ৮০১১৭-৪১৩৭০ নম্বৰত ফোন কৰিও যোগাযোগ কৰিব পাৰিব। পুৰস্কাৰপ্ৰাপ্ত লেখাসমূহ 'প্ৰত্যুষ'ৰ নৱেম্বৰ মাহত প্ৰকাশ পাবলগীয়া বিশেষ সংখ্যাত প্ৰকাশ কৰা হ'ব। বক্তৃতা আৰু ধুনীয়া হাতৰ আখৰ লিখা প্ৰতিযোগিতা অহা ৫ অক্টোবৰত শংকৰদেৱ শিশু নিকেতন, সৰুপেটাত অনুষ্ঠিত হ'ব ।
যোগদানৰ অন্তিম তাৰিখ ২৫ ছেপ্টেম্বৰ । প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীক অহা ২৪ নৱেম্বৰত সৰুপেটা সাহিত্য সভা ভৱনত আয়োজিত 'প্ৰত্যুষ'ৰ ২৫ সংখ্যক বৰ্ষপূৰ্তিৰ অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হ'ব ।