গনেশগুৰি উৰণ সেঁতুৰ সমীপত "মানুহে মানুহৰ বাবে" ৰক্তদান শিবিৰৰ আয়োজন

গনেশগুৰি উৰণ সেঁতুৰ সমীপত, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত বিগত পাঁচ বছৰৰ দৰে "মানুহে মানুহৰ বাবে" শীৰ্ষক এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়

author-image
Asomiya Pratidin
New Update
80

ডিজিটেল সংবাদ, গুৱাহাটী : অংকুৰন ৱেলফেয়াৰ এছোচিয়েচনৰ উদ্যোগত ৩০ অক্টোবৰ ২০২৫ বৃহস্পতিবাৰে গনেশগুৰি উৰণ সেঁতুৰ সমীপত, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত বিগত পাঁচ বছৰৰ দৰে "মানুহে মানুহৰ বাবে" শীৰ্ষক এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় । ২০০৮ চনৰ ৩০ অক্তোবৰ তাৰিখে ৰাজ্যজুৰি সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ প্ৰতিবাদৰ হকে এই শিবিৰৰ আয়োজন কৰি অহা হৈছে । 

বৃহস্পতিবাৰে অনুষ্ঠিত এই শিবিৰত প্ৰায় অৰ্ধশতাধিক ৰক্তদাতাই অংশগ্ৰহণ কৰি  জীৱনদায়িনী ৰক্তদান কৰি সমাজলৈ শুভবোধৰ বাৰ্তা প্ৰেৰণ কৰে । এছোচিয়েচনৰ প্ৰতিস্থাপক ৰাহুল ৰঞ্জন বশিষ্ঠই কয়, "নিৰীহৰ তেজেৰে ফাকু খেলা সেই ক'লা দিনটো আমি আজিও পাহৰা নাই । এই শিবিৰ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ এক যুঁজ।  সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধ আমি হিংসা বা ৰক্তাক্ত  পৰিৱেশেৰে নহয়, ৰক্তদানেৰেহে জয় কৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস।"

তেওঁ লগতে উক্ত ৰক্তদান শিবিৰত উপস্থিত থকা সকলো ৰক্তদাতা তথা এছোছিয়েচনৰ সকলো সদস্যলৈ ধন্যবাদ জ্ঞাপন কৰে।

ৰক্তদান শিবিৰ