/asomiyapratidin/media/media_files/2025/12/05/406-2025-12-05-08-55-20.jpg)
ডিজিটেল সংবাদ হাজো : এখন বিশেষ পূজাক লৈ যুৱতীসকলৰ মাজত উখল-মাখল পৰিবেশে বিৰাজ কৰিছে তীৰ্থনগৰী হাজোত। যুগ-যুগ ধৰি হাজোৰ কুমাৰীসকলে প্ৰতিবছৰে আঘোণৰ পূৰ্ণিমা তিথিত এই পূজাভাগ কৰি আহিছে। এই বিশেষ পূজাখন হৈছে চৰাই পূজা।
অকল হাজোতে উপলব্ধ এই বিশেষ চৰাই পূজাক কাট্টায়নী পূজা বুলিও কোৱা হয়। সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে এই পূজা ভাগ কৰে হাজোৰ যুৱতীসকলে। বৃহত্তৰ হাজো এলেকাৰ যুৱতীসকলে মাহজোৰা প্ৰস্তুতিৰে নিজ হাতে তৈয়াৰ কৰা মৃন্ময় চৰাই বিলাক ৰং কৰি সেই বিলাকক পূজা কৰে।
বিয়া এখনত যিবোৰ বৈদিক ৰীতি-নীতিৰে কৰা হয়, এই সকলোবোৰ চৰাই পূজা ভাগত দেখিবলৈ পোৱা যায়। পূজাৰ দিনা যুৱতীসকলে সম্পূৰ্ণ উপবাসে থাকি দোভাগ নিশা পূজা অন্ত হোৱাৰ পিছতহে ব্রত ভংগ কৰে।
উল্লেখযোগ্য যে এই পূজাত অকল কেদাৰ পাহাৰতে উপলব্ধ এক বিশেষ ফুল ব্যৱহাৰ কৰা হয়। এই বিশেষ ফুলবিধ হৈছে শৰাই ফুল। উপযুক্ত জীৱন সংগী পাবলৈ হাজোৰ যুৱতীসকলে এই পূজাভাগ কৰি আহিছে। অৱশ্যে এই পূজাভাগত মহিলাসকলে যুৱতীসকলক সহায় কৰি দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us