/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/UIO.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ দেশজুৰি কোৰোনাই মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে এইবাৰ অসমতো কোৰোনাক লৈ দেখা গৈছে আতংকময় পৰিৱেশ। একেটা দিনতে ৰাজ্যখনৰ বঙাইগাওঁ জিলাত চাৰিগৰাকী কোনো ভ্ৰমণ বুৰঞ্জী নথকা লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত স্বাভাৱিকতে ৰাজ্যজুৰি কৰ'নাৰ আতংকই নতুন মোৰ লয়।
উক্ত কোৰোনা আক্ৰান্ত লোককেইজনৰ সংস্পৰ্শলৈ অহা প্ৰায় সকলোবোৰ লোককে স্বাস্থ্য বিভাগে পৰীক্ষা কৰি কোৱাৰেণটাইনৰ ব্যৱস্থা কৰিছে। ইয়াৰ মাজতে ওদালগুৰি-দৰং জিলাৰ সীমান্তত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো আজি দেখা দিয়ে কোৰোনা আতংকই। বঙাইগাঁৱৰ কোৰোনা আক্ৰান্ত ৰোগী এজনৰ সৈতে উদ্যানখনৰ বনকৰ্মী এগৰাকী সংস্পৰ্শলৈ অহাৰ কথা পোহৰলৈ অহাত আজি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন সুৰক্ষা কৰ্মীজনক কোৱাৰেন্টাইনৰ বাবে খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অনা হৈছে।
প্ৰাপ্ত সূত্ৰমতে, সৰভোগৰ ষ্টেট বেংকত বঙাইগাঁৱৰ কৰোনা আক্ৰান্ত এগৰাকীৰ (নাম–মীনা বিশ্বকৰ্মা) সংস্পৰ্শলৈ আহিছিল ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত বন সুৰক্ষা কৰ্মী এজন। উদ্যানখনৰ ভিতৰৰ এক সূত্ৰই সাংবাদিকক জানিবলৈ দি কয় যে উদ্যানখনৰ এগৰাকী বন সুৰক্ষা কৰ্মীয়ে নিজ বাসস্থান বঙাইগাওঁলৈ ছুটীৰ বাবে গৈ বিগত প্ৰায় ৫ দিন পূৰ্ৱে ছুটী শেষ কৰি উদ্যানখনলৈ আহিছিল। কিন্তু বঙাইগাওঁৰ কোৰোনা আক্ৰান্ত ৰোগীৰ বাতৰি প্ৰকাশৰ পাছতে উদ্যানখনৰ ৰুবুল আলী নামৰ বন সুৰক্ষা কৰ্মীগৰাকীয়ে নিজেও কৰ'না আক্ৰান্ত ৰোগীয়ে ব্যৱহাৰ কৰা এটিএম এটালৈ যোৱাৰ কথা স্বীকাৰ কৰিছিল।
পাছত শনিবাৰে দৰং জিলা প্ৰশাসনৰ নিৰ্দেশত বন সুৰক্ষা কৰ্মীজনক ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাৰুপেটীয়া প্রাথমিক চিকিৎসা কেন্দ্ৰত আনি স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে। পাছত তেওঁক খাৰুপেটীয়া প্রাথমিক চিকিৎসা কেন্দ্ৰৰ কোৱাইন্টেৰাইন কক্ষত ৰখা হৈছে। প্ৰাথমিক পৰীক্ষাত বন সুৰক্ষা কৰ্মী ৰুবুল আলীৰ গাত কোৰোনা ভাইৰাছ সংক্ৰমণৰ কোনো লক্ষণ দেখা পোৱা নাই যদিও তেওঁৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ কথা জনিব পৰা গৈছে।
ইফালে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সূত্ৰটোৰ পৰা জানিব পৰা মতে, কৰ'না আতংকৰ পৰাই উদ্যান কৰ্তৃপক্ষই কোনো বনকৰ্মী ছুটীত গ'লে অথবা অন্য কাৰণত বহি জিলালৈ গ'লে উদ্যানখনৰ ভিতৰত ১০ দিনৰ বাবে কোৱাৰেণটাইন বাধ্যতামূলক কৰিছিল। সেই মৰ্মে উক্ত বনকৰ্মীগৰাকীয়েও উক্ত নিৰ্দেশমৰ্মে কোৱাৰেণটাইনত আছিল।
আন এক খবৰ অনুসৰি উদ্যান কৰ্তৃপক্ষই ছুটি কটাই ঘৰৰ পৰা উভতাৰ লগতে বিভিন্ন কাৰণত উদ্যানৰ বাহিৰলৈ যোৱা ১৪ জনকৈ বন সুৰক্ষা কৰ্মীক উদ্যানৰ "ডৰ্মীটেৰী" গৃহত ১०দিনীয়া কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছিল। সি যি কি নহওঁক কৰ'নাৰ আতংকই ৰাষ্ট্ৰীয় উদ্যানখন স্পৰ্শ কৰাৰ বাবে স্বাভাৱিকতে চিন্তিত হৈ পৰিছে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমীসকল। ইফালে উদ্যান কৰ্তৃপক্ষই চিন্তাৰ কোনো কাৰণ নাই বুলি আশ্বাস প্ৰদান কৰে।