শ্বহীদ দ্বিজেন ভূঞা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী

ৰূপালী জয়ন্তী অনুষ্ঠানৰ দ্বিতীয়া দিনা অনুষ্ঠিত হয় বিশাল ৰাজহুৱা সভা

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, ওৰাংঃ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ আমতল ভেৰগাঁৱৰ ঐতিহ্য মণ্ডিত শ্বহীদ দ্বিজেন ভূঞা উচ্চ মাধ্যমিক বিদ্যালয়ে ভৰি দিলে ২৫ বৰ্ষত। দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে  এই ৰূপালী জয়ন্তী অনুষ্ঠান। ১৯৯০ চনত প্রতিষ্ঠা লাভ কৰা বিদ্যালয়খনে বহু ঘাত-প্রতিঘাত নেওচি অতিক্রম কৰিলে ২৫ টা বসন্ত।

 ৰূপালী জয়ন্তী অনুষ্ঠানৰ দ্বিতীয়া দিনা অনুষ্ঠিত হয় বিশাল ৰাজহুৱা সভা। সভাত অংশ গ্রহণ লোকপ্ৰিয় অমিঅ কুমাৰ দাস স্নাতক মহাবিদ্যালয়ৰ অধক্ষ্য ড৹ শুকদেৱ অধিকাৰী, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিক ড৹ মৌচুমী কন্দলী, সমাজকর্মী বাতাচ ওৰাঙকে আদি কৰি বহু বিশিষ্ট ব্যক্তি।

অনুষ্ঠানৰ মাজতেই শ্বহীদ দ্বিজেন ভূঞা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইতিহাস সামৰি প্রকাশ কৰে এখন গ্রন্থ। ফেহুজালি নামৰ এখন প্ৰাচীৰ পত্রিকাও উন্মোচন কৰে অনুষ্ঠানত । 

ওৰাং