ৰৌতা জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী...

ওদালগুৰি জিলাৰ ৰৌতাৰ ঐতিহ্যমণ্ডিত ৰৌতা জাতীয় বিদ্যালয়ে ভৰি দিলে ২৫ টাকৈ বছৰত। দিনজোৰা বর্ণাঢ্য কাৰ্যসূচী আগত ৰাখি পালন কৰা হয় ৰূপালী জয়ন্তী অনুষ্ঠান।

author-image
Asomiya Pratidin
New Update
576

ডিজিটেল সংবাদ, ৰৌতা : ওদালগুৰি জিলাৰ ৰৌতাৰ ঐতিহ্যমণ্ডিত ৰৌতা জাতীয় বিদ্যালয়ে ভৰি দিলে ২৫ টাকৈ বছৰত। দিনজোৰা বর্ণাঢ্য কাৰ্যসূচী আগত ৰাখি পালন কৰা হয় ৰূপালী জয়ন্তী অনুষ্ঠান। 

২০০২ চনতেই প্রতিষ্ঠা লাভ কৰা বিদ্যালয়খনে বহু ঘাত-প্রতিঘাত নেওচি অতিক্রম কৰিলে ২৫ টা বসন্ত। ৰূপালী জয়ন্তীৰ কার্যসূচী আগত ৰাখি বিদ্যালয়ৰ শিক্ষার্থীসকলক লৈ উলিওৱা হয় বিশাল শোভাযাত্রা।

বিভিন্ন জাতি জনগোষ্ঠীৰ লোককৃষ্টিক প্রদর্শন কৰি ৰৌতা অঞ্চলৰ মাজমজিয়াৰে শিক্ষার্থীসকলে উলিওৱা বিশাল সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্রাৰ পাছত অনুষ্ঠিত হয় মুকলি সভা।

সভাত উপস্থিত থাকে ওদালগুৰি শাখা সাহিত্য সভাৰ নৃপেন শর্মা, ড০ হৰিচৰণ দাস, বিশিষ্ট সমাজকর্মী আৰু গৱেষক তৰুণ আজাদ ডেকা, সমাজকর্মী দ্বিপজ্যোতি চহৰীয়া, মহেশ্বৰ ব্রহ্মকে আদি কৰি বহু বিশিষ্ট ব্যক্তি। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্রী চৰণ বড়ো। অনুষ্ঠানত উপস্থিত হৈ গৰিমামণ্ডিত বিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কৰে মন্ত্ৰীগৰাকীয়ে।

ৰৌতা