/asomiyapratidin/media/media_files/2024/12/02/GQb1HuDpfTnmNuh4m2OO.jpg)
ডিজিটেল সংবাদ,ওৰাংঃ জামুগুৰি গাঁৱত সংঘটিত হৈছে এক অমানৱীয় কাণ্ড। কামনাৰ বলি হৈছে এগৰাকী বিশেষভাৱে সক্ষম যুৱতী। ওৰাঙৰ যোৱা ২৮ নৱেম্বৰত সংঘটিত হৈছিল এই জঘণ্য ধৰ্ষণ কাণ্ড। ওৰাঙৰ বেঙেনাবাৰী গাঁৱৰ হজৰত আলী নামৰ এজন লম্পটে ফুচুলাই নি বলপূৰ্বকভাৱে শাৰিৰীক নিৰ্যাতন চলাইছিল ৫ বছৰীয়া বিশেষভাৱে সক্ষম মুকবধিৰ ২ যুৱতীক।
ঘটনা সংঘটিত হোৱাৰ পিছতে এই সন্দৰ্ভত জানিব পাৰি লম্পট হজৰত আলীক ওৰাং আৰক্ষীক গটাই দিছিল। বিশেষভাৱে সক্ষম মুকবধিৰ যুৱতী গৰাকীৰ লগত এনে অমানৱীয় ঘটনা সংঘটিত কৰা হজৰত আলীৰ কঠোৰতম শাস্তিৰ দাবি জনাইছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই।
ফ্ৰাৰ্চট্ৰেক আদালতৰ জড়িয়তে দোষীৰ কঠোৰতম শাস্তি প্ৰদানৰ দাবী কৰিছে সংগঠনটোৱে। ধৰ্ষণকাৰী হজৰত আলীৰ বিৰুদ্ধে ১০১/২৪ ধাৰা ৬৪ বি এন এছ গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ওৰাং আৰক্ষীয়ে।