/asomiyapratidin/media/media_files/2026/01/05/ergtgrterarew-2026-01-05-11-36-13.jpg)
ডিজিটেল সংবাদ, ওৰাংঃ ওদালগুৰি জিলাৰ ওৰাঙত পুনৰ জব্দ হয় বৃহৎ পৰিমাণৰ গাঞ্জা। ওৰাং আৰক্ষীৰ এই অভিযানত ১৭৪ কেজি নিষিদ্ধ গাঞ্জা জব্দ হয় বুলি জানিব পৰা গৈছে। ৰৌতা আৰক্ষীৰ চক্ৰ পৰিদৰ্শক উৎপল শৰ্মা, ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হীৰক জ্যোতি দাস,এছ আই সুৰজীত হাজৰীকাৰ লগত যোৱা এক বৃহৎ আৰক্ষীৰ দলে ধনশ্ৰীঘাটৰ জামুগুৰী অঞ্চলত গাঞ্জা বিচাৰি চলাইছিল এই অভিযান।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/05/whatsapp-image-2-2026-01-05-11-36-30.jpeg)
আৰক্ষীৰ এই অভিযানত জামুগুৰি অঞ্চলৰ কহোঁৱা হাবিৰ মাজৰ পৰা ১৭৪ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। গাঞ্জা খিনি অৰুণাচল পাহাৰৰ পৰা গাঞ্জা কঢ়িয়াই আনি কহোঁৱা হাবিত লুকুৱাই ৰাখিছিল গাঞ্জা সৰবৰাহকাৰী জামুগুৰি গাওঁৰ নাৱলা বসুমতাৰীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/05/whatsapp-image-2026-01-05-11-36-47.jpeg)
পিছত ওৰাং আৰক্ষীয়ে গাঞ্জাসহ নাৱলা বসুমতাৰীক আটক কৰি নিশাই ওৰাং থানালৈ লৈ আনে। ওৰাং আৰক্ষীয়ে ১/২৬ নম্বৰত এটা কেচ ৰোজু কৰি তদন্ত চলাই থকা হৈছে। বৃহৎ পৰিমানৰ গাঞ্জা উদ্ধাৰক লৈ ওৰাঙত অব্যাহত আছে প্ৰতিক্ৰিয়া।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us