ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পিপলি চেং মাছৰ ৰমৰমীয়া বেহা

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা চোৰাংকৈ অনা ১৭ টা দুস্প্ৰাপ্য পিপলী চেং মাছসহ এজন লোকক আৰক্ষীৰ সহায়ত আটক কৰিবলৈ সক্ষম হয় বনকৰ্মীয়ে। 

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল সংবাদ, ওৰাংঃ  ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চোৰাংচিকাৰীয়ে চলাই গৈছে দুস্প্ৰাপ্য পিপলী চেং মাছৰ ৰমৰমীয়া বেহা ৷ আন্তৰ্জাতিক বজাৰত এনে এটা সৰু পিপলি চেং মাছৰ মূল্য  প্ৰায় ২০-২৫ হাজাৰ টকা ৷ 

WhatsApp Image 2025-11-27 at 2.29.22 PM

উল্লেখ্য যে,অত্যাধিক মূল্যৰ এনে মাছ চিকাৰক লৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁৱৰ কিছু লোকে চলাই গৈছে চোৰাং কাৰুকাৰ্য। ইপিনে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা চোৰাংকৈ অনা ১৭ টা দুস্প্ৰাপ্য পিপলী চেং মাছসহ এজন লোকক আৰক্ষীৰ সহায়ত আটক কৰিবলৈ সক্ষম হয় বনকৰ্মীয়ে। 

WhatsApp Image 2025-11-27 at 2.29.54 PM

তাৰোপৰি দৰঙৰ খাৰুপেটীয়াৰ  আলিকাষ গাঁৱৰ লোক এজনৰ ঘৰত দুস্প্ৰাপ্য পিপলী চেঙৰ সৈতে লোকজনক খাৰুপেটীয়া থানাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱাৰ পিছত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীয়ে খাৰুপেটীয়া থানাৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়ে। ইপিনে লোকজনৰ পৰা ১৭ টা দুষ্প্ৰাপ্য পিপলী চেং মাছ আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰে। আটকাধীন ব্যক্তিজন উদ্যানখনৰ কাষৰীয় কাছোমাৰী সোণাৰী গাঁৱৰ মফিদুল ইছলাম বুলি জানিব পৰা গৈছে। 

ওৰাং ৰাষ্ট্ৰীয় উদ্যান খাৰুপেটীয়া