অৰুণাচলৰ কলমা মানেই ভাৰত বিখ্যাত

শ শ হেক্টৰ পাহাৰীয়া ভূমিত শাৰী শাৰী কমলা গছৰ সেউজীয়া পাতৰ মাজত লুকাই থকা সুমথিৰাৰ হালধীয়া ৰঙে শীতৰ সুকীয়া আমেজ যোগাইছে।

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল সংবাদ,জোনাইঃ শীতৰ আগমনৰ লগে লগে অৰুণাচল প্ৰদেশৰ পাহাৰত কেউপিনে কমলাৰ হালধীয়া ৰঙে ওমাল কৰি তুলিছে পৰিৱেশ। অৰুণাচলৰ পাহাৰৰ হালধীয়া সুমথিৰাৰ নৈসর্গিক-নান্দনিক দৃশ্যই হাত বাউলী মাতিছে। চিৰতৰুণ চিয়াং নদীৰ অববাহিকাৰ এঢলীয়া পাহাৰাঞ্চলত কমলা খেতিৰ বাবে  উৰ্বৰা পথাৰ। চিয়াং, পূব চিয়াং, নামনি চিয়াং জিলাৰ এঢলীয়া পাহাৰত শাৰী শাৰী কমলা গছত হালধীয়া সুমথিৰাৰ সুবাসে আমোলমোল পৰিবেশৰ সৃষ্টি কৰিছে। শ শ হেক্টৰ পাহাৰীয়া ভূমিত শাৰী শাৰী কমলা গছৰ সেউজীয়া পাতৰ মাজত লুকাই থকা সুমথিৰাৰ হালধীয়া ৰঙে শীতৰ সুকীয়া আমেজ যোগাইছে। 

WhatsApp Image 2025-12-03 at 10.59.14 AM

বিশেষকৈ পাহাৰৰ মাজত পুৱা উদয় হোৱা বেলিৰ পোহৰত শাৰী শাৰী কমলা গছৰ সুমথিৰাৰ হালধীয়া ৰঙত জিলিকি উঠা নিয়ৰৰ টোপালে মন্ত্রমুগ্ধ কৰে সকলোকে। অৰুণাচলৰ পাহাৰৰ এনে নান্দনিক দৃশ্যৰ মাজতে অৰুণাচলী কৃষকৰ মুখত বিৰিঙিছে প্ৰাপ্তিৰ হাঁহি। অঞ্চলটোৰ শ শ খেতিয়কে এনে নান্দনিক দৃশ্যৰ মাজতে সুমথিৰা খেতিৰে বছৰি উপাৰ্জন কৰে লাখ লাখ টকা। প্ৰকৃতিৰ নৈসর্গিক পৰিবেশত অৰুণাচলী কৃষকে উৎপাদন কৰা সুমথিৰাৰ চাহিদা দেশ-বিদেশ বিয়লি পৰিছে। 

WhatsApp Image 2025-12-03 at 10.59.15 AM

জানিব পৰা মতে,অৰুণাচল প্ৰদেশৰ পাহাৰৰ বিভিন্ন ঠাইত উৎপাদন হোৱা সুস্বাদু সুমথিৰা দেশ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হয়। অৰুণাচল প্ৰদেশৰ পাহাৰত নৈসর্গিক সৌন্দৰ্যৰে ভৰা কমলা বাগান পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দু। অৰুণাচল প্ৰদেশৰ কমলা বাগানৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ আৰু সুস্বাদু কলমৰ স্বাদ ল'বলৈ শীতকালত বহু লোকৰ আগমন ঘটে।

WhatsApp Image 2025-12-03 at 10.59.15 AM (1)

উল্লেখ্য যে পাচিঘাট, য়াগৰুং, ৰায়াং, বিলাদ, লিডুম, কয়ু-কৰাং, বদাক, পাংগিং, ৰেঙগিং, দামৰ, মাৰয়াং, য়িংকিয়ং, বলেং, আলো, য়মচিং, ৰিউ, ৰতুং, মে'ব, চিলোক, আওৱালিঅ, কেপাং, দাম্বোগ আদি পাহাৰত কমলা খেতি আৰু ব্যৱসায়েৰে স্বাৱলম্বী হৈছে বহু অৰুণাচলী কৃষক। ইপিনে অৰুণাচল পাহাৰত উৎপাদন হোৱা সুমথিৰাৰ ব্যৱসায়েৰে স্বাৱলম্বী হৈছে অসম-অৰুণাচল প্ৰদেশৰ বহু যুৱক। এনেদৰেই অৰুণাচল পাহাৰত নৈসর্গিক সৌন্দৰ্যৰে ভৰা কমলা বাগান আৰু সুস্বাদু কমলাই শীতৰ আলহী দেশী-বিদেশী পৰ্যটকৰ মন মুগ্ধ কৰিবলৈ সক্ষম হৈছে।

জোনাই