ওৰাঙৰ মাজবাটত ভয়ংকৰ দুৰ্ঘটনাঃ টেক্টৰৰ খুন্দাত নিহত যুৱক

ওৰাঙৰ মাজবাটত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। মাজবাটৰ নাহৰবাৰিত এজন যুৱকক মহটিয়াই নিয়ে এখন টেক্টৰে। এই দুৰ্ঘটনাত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱকজন।

author-image
Asomiya Pratidin
New Update
scsadass

ডিজিটেল সংবাদ, ওৰাংঃ ওৰাঙৰ মাজবাটত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। মাজবাটৰ নাহৰবাৰিত এজন যুৱকক মহটিয়াই নিয়ে এখন টেক্টৰে। এই দুৰ্ঘটনাত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱকজন।

দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় মাজবাট আৰক্ষী। ঘটনাস্থলীৰ পৰা টেক্টৰে খুন্দিয়াই আহত কৰা যুৱক জনক আৰক্ষীয়ে মহলিয়াপাৰাস্থিত মডেল চিকিৎসালয়ত লৈ আনে যদিও আহত যুৱকজনৰ আদবাটতেই মৃত্যু হয়। মৃত যুৱক জন ৩ নম্বৰ ৰাঙাপানী গাঁৱৰ জ্যোতিষ গোঁড় (২৬) বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, দুৰ্ঘটনা সংঘটিত কৰা টেক্টৰখনৰ নম্বৰ AS-13-AC- 4409। পৰৱৰ্তী সময়ত মাজবাট আৰক্ষীয়ে টেক্টৰখন জব্দ কৰি মাজবাট আৰক্ষী থানালৈ আনে। টেক্টৰৰ খুন্দাত মৃত্যু হোৱা যুৱক জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ কৰা হয়।

মাজবাট