ওদালগুৰিৰ ওৰাঙৰ বৰঝাৰত ভয়ংকৰ অগ্নিকাণ্ড

অগ্নিকাণ্ডত ভষ্মীভূত বীৰেন্দ্ৰ নগৰ আশ্ৰমৰ ৬০-৭০ বিঘা মাটিৰ খেৰৰ লগতে শতাধিক মোন ধান। চর্ট চাৰ্কিটৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা প্রকাশ কৰা হৈছে। 

author-image
Asomiya Pratidin
New Update
image (36)

ডিজিটেল ডেস্কঃ ওৰাঙৰ জিলাৰ বৰঝাৰ বীৰেন্দ্ৰ নগৰ আশ্ৰমৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভষ্মীভূত বীৰেন্দ্ৰ নগৰ আশ্ৰমৰ ৬০-৭০ বিঘা মাটিৰ খেৰৰ লগতে শতাধিক মোন ধান। চর্ট চাৰ্কিটৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা প্রকাশ কৰা হৈছে। 

উল্লেখ্য় যে, ঘটনাৰ পাছতেই তৎক্ষণাত স্থানীয় ৰাইজে অগ্নিনির্বাপক বাহিনীক ফোন কৰি খবৰ দিছিল যদিও ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হয় অগ্নিনির্বাপক বাহিনীৰ দল। ইপিনে পৰৱর্তী সময়ত স্থানীয় ৰাইজৰ সহায়ত অগ্নিনির্বাপক বাহিনীয়ে নির্বাপিত কৰে জুই। বৰঝাৰস্থিত বীৰেন্দ্র নগৰ আশ্ৰমৰ গোশালাৰ গোধনৰ বাবে মজুত কৰি ৰখা হৈছিল খেৰ খিনি। চর্ট চাকিটৰ ফল ত জুইৰ সূত্রপাত হৈ খেৰত লগাত দাওদাওকৈ জ্বলি উঠে গোশালাৰ প্রায় ১৫০ টা গোধনৰ বাবে সাঁচি ৰখা খেৰৰ লগতে ওচৰৰ কোঠাত মজুত ৰখা শ শ মোন ধান। 

ঘটনাৰ পাছতেই ঘটনাস্থলীত উপস্থিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চৰণ বড়োৰ লগতে পাঁচনৈ চেৰফাঙৰ পৰিষদ শ্যাম চুণ্ডী। উপস্থিত হৈ ক্ষয় ক্ষতিৰ বুজ লয় দুয়োজনে।

অগ্নিকাণ্ড