ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে বিশাল জোঁৰ সমদল

কোকৰাঝাৰৰ বডোফা শিশু উদ্যানৰ পৰা বাহিৰ হোৱা বিশাল জোঁৰ সমদলটোৱে জেডি পথেৰে ফ্লাইঅভাৰ হৈ কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী খেলপথাৰত উপস্থিত হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ    ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ তীব্ৰ বিৰোধিতাৰে আজি সন্ধিয়া কোকৰাঝাৰ বিশাল প্ৰতিবাদী জোঁৰ সমদল বাহিৰ হয়। এবছুকে ধৰি আন কেবাটাও জনজাতীয় সংগঠনৰ উদ্যোগত আৰু এবছুৰ উপ সভাপতি খৌৰৌমদাও ওৱাৰীৰ নেৰ্তৃত্বত কোকৰাঝাৰৰ বডোফা শিশু উদ্যানৰ পৰা বাহিৰ হোৱা বিশাল জোঁৰ সমদলটোৱে জেডি পথেৰে ফ্লাইঅভাৰ হৈ কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী খেলপথাৰত উপস্থিত হয়।

উক্ত সমদলত ৰাভা , গাৰো , বড়োৰ কেবাটাও জাতীয় সংগঠনৰ নেতা-কৰ্মী সকলে অংশগ্ৰহণ কৰি চৰকাৰবিৰোধী শ্লোগান আৰু নিজ দাবীৰ সমৰ্থনত ব্যাপক শ্লোগান নিক্ষেপ কৰে। ইপিনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে প্ৰতিবাদী জোঁৰ সমদলৰ নেৰ্তৃত্ব দিয়া এবছুৰ উপ সভাপতি খৌৰৌমদাও ওৱাৰীয়ে সংবাদমাধ্যমৰ আগত তীব্ৰ ক্ষোভ আৰু উষ্মা প্ৰকাশ কৰি কয় যে এই সিদ্ধান্ত মানি লোৱা নহ'ব ।

অসমত ১৪ টা জনজাতি আছে আৰু ইয়াৰ উপৰঞ্চি আগবঢ়া আন ছটা জনগোষ্ঠীক জনজাতিকৰণ কৰিলে বৰ্তমানৰ জনজাতিসকলৰ ভীষণ ক্ষতি হ'ব আৰু সৰ্বদিশতে বঞ্চনাৰ সন্মুখীন হ'ব। শিক্ষা-দীক্ষা , চাকৰি , ৰাজনীতি আদি সকলো ক্ষেত্ৰতে বৰ্তমানৰ জনজাতিসকল বঞ্চিত হ'ব বুলি মন্তব্য কৰি খৌৰৌমদাও ওৱাৰীয়ে কয় যে প্ৰায় ডেৰকোটি লোক ৫০ লাখৰ ওপৰত জাপি দিলে কি অৱস্থা হ'ব সেয়া সহজে অনুমেয়।

যদিহে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমক সুৰক্ষিত কৰিব বিচাৰিছে তেনেহলে সেয়া ভুল ধাৰণা বুলি মন্তব্য কৰি খৌৰৌমদাও ওৱাৰীয়ে অসম চৰকাৰক সাৱধানবাণী শুনাই কয় যে চৰকাৰৰ এই সিদ্ধান্ত তেওঁলোকে কাহানিও মানি নলয়। ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে বাধা প্ৰয়োগ কৰিব বুলি সঁকিয়াই দিয়ে এবছুৰ উপ সভাপতি খৌৰৌমদাও ওৱাৰীয়ে ।

উল্লেখ্য যে আজিৰ জোঁৰ সমদলত অংশগ্ৰহণ কৰা কেবা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোঁৰ আৰু প্লেকাৰ্ড লৈ এণ্টি ট্ৰাইবেল হুচিয়াৰ , অসম চৰকাৰ হায় হায় , ট্ৰাইবেল ঐক্য জিন্দাবাদ , ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা বন্ধ কৰক আদি ইত্যাদি শ্লোগানেৰে কোকৰাঝাৰ সদৰ চহৰৰ আকাশ বতাহ মুখৰিত কৰি তোলে। 

ছয় জনগোষ্ঠী