/asomiyapratidin/media/media_files/2025/07/21/parliament-21-2025-07-21-16-15-40.jpg)
ডিজিটেল ডেস্কঃ পেহেলগাম আক্ৰমণ আৰু অপাৰেচন সিন্দূৰৰ প্ৰসংগ উত্থাপন হোৱাৰ লগে লগে এটা মুহূৰ্ততে সদন ত্যাগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে! সোমবাৰে এই অভিযোগ উত্থাপন কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে।
উল্লেখ্য যে, সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিবেশনৰ প্ৰথম দিনটোতে উত্তপ্ত হৈ পৰে সদন। তাৰ পিছতে সদন ত্যাগ কৰি বিৰোধী দলে সদনত তেওঁলোকক কথা কবলৈ সুযোগ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে।
আজি সদনৰ আৰম্ভণিতে পেহেলগাম আক্ৰমণ আৰু আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ বাবে মৌনতা অৱলম্বন কৰা হয়। তাৰ পিছতে সদনৰ কাম-কাজ আৰম্ভ হোৱাত বিৰোধীয়ে বিহাৰৰ ভোটাৰ তালিকা, পেহেলগাম আক্ৰমণ আৰু অপাৰেচন সিন্দূৰকে ধৰি কেইবাটাও বিষয়ত আলোচনাৰ দাবী উত্থাপন কৰে।
ফলত সদনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাত প্ৰথমে দুয়োখন সদন দিনৰ ১২ বজালৈ আৰু তাৰ পিছত লোকসভা দিনৰ ২ বজালৈ স্থগিত ৰখা হয়। বিৰোধীয়ে অভিযোগ উত্থাপন কৰি কয় যে, পেহেলগাম আৰু অপাৰেচন সিন্দূৰৰ প্ৰসংগ উল্লেখ হোৱাৰ লগে লগে সদন ত্যাগ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
এই সন্দৰ্ভত ৰাহুল গান্ধীয়ে পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ আগত কয় যে, প্ৰতিৰক্ষা মন্ত্ৰীৰ পৰা চৰকাৰত থকা প্ৰতিজন ব্যক্তিয়ে কথা কোৱাৰ সুযোগ লাভ কৰে। কিন্তু বিৰোধীক কথা কবলৈ দিয়া নহয়।
মই বিৰোধী দলৰ নেতা। ইয়াৰ পিছতো মোক কথা কবলৈ দিয়া নহয়। যদি চৰকাৰৰ প্ৰতিনিধিক কথা কোৱাৰ সুযোগ দিয়া হয় তেন্তে বিৰোধীকো কথা কোৱাৰ সুযোগ দিয়া উচিত।
ইফালে দিনৰ ১২ বজাৰ পৰা ৰাজ্যসভাৰ কাম-কাজ পুনৰ আৰম্ভ হয় যদিও কেই মিনিটমানৰ পিছতে বিৰোধীয়ে তাৰ পৰা ওলাই আহে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে অপাৰেচন সিন্দূৰৰ সময়ত ভাৰত-পাকিস্তানৰ মাজত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ মধ্যস্থতা সন্দৰ্ভত প্ৰশ্ন কৰি তাৰ উত্তৰ বিচাৰিছিল।
এই প্ৰশ্নৰ উত্তৰত বিজেপি সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নড্ডাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ চৰকাৰ প্ৰস্তুত বুলি কয় যদিও সঠিক উত্তৰ নোপোৱাত আৰু বিষয়টোক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰাত বিৰোধীয়ে ৰাজ্যসভাৰ পৰা ৱাকআউট কৰে।
#WATCH | After Lok adjourned till 2 pm on the first day of the Monsoon session, LoP Lok Sabha Rahul Gandhi says, "The question is - the Defence Minister is allowed to speak in the House, but Opposition members, including me, who is the LoP, are not allowed to speak...This is a… pic.twitter.com/bD3ELbiEkd
— ANI (@ANI) July 21, 2025