শনিবাৰঃ এইবাৰ ফাইনেল ডেডলাইন বান্ধি দিলে অখিল গগৈয়ে

ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছক বান্ধি দিলে ফাইনেল ডেডলাইন।

author-image
Asomiya Pratidin
New Update
AKHILDEADLINE

ডিজিটেল ডেস্কঃ সমুখত অসম বিধানসভা নিৰ্বাচন। কিন্তু নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ পাছতো যেন বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত চূড়ান্ত মিত্ৰতা হৈ উঠা নাই। বিশেষকৈ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত মিত্ৰতাৰ অংক যেন মিলি অহা নাই। 

বৃহস্পতিবাৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছক বান্ধি দিলে ফাইনেল ডেডলাইন। শনিবাৰলৈ অন্তিম দিন বান্ধি দি অখিল গগৈয়ে কয় যে- শনিবাৰৰ ভিতৰত কংগ্ৰেছৰ তৰফৰ পৰা ৰেচপঞ্চ যদি আহি যায় বা ইতিবাচক সঁহাৰি যদি আহি যায়, তেতিয়াহলে আমি ১৫টা সমষ্টিত নিৰ্বাচন খেলিম। তাতকৈ এটাও অধিক সমষ্টিত আমি প্ৰাৰ্থী নিদিও।

ইফালে, শনিবাৰৰ ভিতৰত যদি কোনো ধৰণৰ সঁহাৰি নাহে তেন্তে কি কৰিব সেই সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয় যে- যদি কংগ্ৰেছৰ তৰফৰ পৰা নেতিবাচক খবৰ আহে বা একোৱেই খবৰ নাহে তেতিয়াহলে দেওবাৰৰ ভিতৰত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হব। আমাৰ দলত ৬৪টা সমষ্টিত আৱেদন কৰিছিল। তাৰ ভিতৰত মাত্ৰ দুটা সমষ্টিৰ পৰা প্ৰাৰ্থী অহা নাই। মাহমৰা আৰু শদিয়াৰ পৰা অহা নাই বৰ্তমানলৈ। তাৰবাহিৰে সকলোৰে আহিছে। তাৰ উপৰিও অতিৰিক্ত কিছুমান সমষ্টিৰ পৰা আহিছে। আমি বিজেপিক হৰুৱাবলৈ যেনে তেনে মিত্ৰতা বিচাৰিছো। ইমানেই বেছি মিত্ৰতা বিচাৰিছো যে দলৰ ভিতৰতে মাৰ খাও মাৰ খাও অৱ্স্থাহে হৈছেগৈ । আমি ইমানেই কম্প্ৰমাইজ কৰিছো, ইমান বেছি তেওঁলোকৰ কথা মানিছো যে দলৰ ভিতৰতে মোৰ স্থিতি বেয়া হৈ গৈছে।

আনহাতে, মাত্ৰ দুটা-তিনিটা সমষ্টিক লৈ মিত্ৰতা চূড়ান্ত হোৱা নাই বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়- ‘ধিং সমষ্টিতো আমাক খেলিবলৈ দিম বুলি তেওঁলোকে(কংগ্ৰেছ) কৈছিল। পৰৱৰ্তী সময়ত তেওঁলোকে আমাক ফ্ৰেণ্ডলী বুলি কৈ দিলে। নাওবৈচা সমষ্টিতো বিচাৰিছিলো কিন্তু তেওঁলোকে আমাক ৰঙানদী সমষ্টিটো দি দিছে। ধেমাজি সমষ্টিটো বিচাৰিছিলো, কিন্তু সেইটো আমাক নাকচেই কৰি দিছে। কিন্তু এতিয়া লাগি আছে তিনিটা সমষ্টিত। প্ৰথম কথা আমাক ১৫টা ছীট লাগে, দ্বিতীয় কথা আমাক ধিং আৰু নাওবৈচা সমষ্টি লাগিবই।

অসম প্ৰদেশ কংগ্ৰেছ অখিল গগৈ