/asomiyapratidin/media/media_files/2025/09/01/234-2025-09-01-18-02-45.jpg)
ডিজিটেল সংবাদ, তেজপুৰ : মেধাৰ বলত অসমৰ দুখনকৈ আগশাৰীৰ চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছ পাঠ্যক্ৰম অধ্যয়নৰ বাবে সুযোগ লাভ কৰি তেজপুৰৰ দুগৰাকীকৈ ছাত্ৰ -ছাত্ৰীয়ে সমগ্ৰ অঞ্চলটোলৈ অনন্য গৌৰৱ কঢ়িয়াই আনিছে। আনহাতে অসম প্ৰাদেশিক যোগী মহিলা সন্মিলনী আৰু তেজপুৰ যোগী মহিলা সন্মিলনীৰ এটা প্ৰতিনিধি দলে মেধাৱী ছাত্ৰ-ছাত্ৰী দুগৰাকীৰ বাসগৃহলৈ গৈ সোমবাৰে উষ্ম অভিনন্দনৰে সম্বৰ্ধনা জনায়।
উল্লেখ্য যে তেজপুৰৰ ঊষা নগৰৰ চিত্ৰলেখা নগৰ নিবাসী হিমাঙ্গী শিৱমে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত আৰু মৌচম প্ৰতীম নাথে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছ পাঠ্যক্ৰমৰ কাৰণে নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিছে। জানিব পৰা মতে তেজপুৰ ঘৰপৰা চুবুৰীৰ উমেশ চন্দ্ৰ নাথ আৰু নিলীমা দেৱীৰ পুত্ৰ মৌচম প্ৰতীম নাথে তেজপুৰ ডনবস্ক হাইস্কুলৰ পৰা মেট্ৰিকত ৮৯ শতাংশ আৰু দৰং মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ৯০ শতাংশ লাভ কৰি উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।
একেদৰে চিত্ৰলেখা নগৰ নিবাসী তপন নাথ আৰু চুমী ফুকনৰ কন্যা হিমাঙ্গী শিৱমে চেক্ৰেট হাৰ্ট হাইস্কুলৰ পৰা মেট্ৰিকত ৯৫.৬৭ শতাংশ আৰু দৰং মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ৮০ শতংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। এইক্ষেত্ৰত অসম প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ উপদেষ্টা আৰু তেজপুৰ যোগী মহিলা শাখাৰ সভানেত্ৰী সীতা শইকীয়া, শোণিতপুৰ জিলা মহিলা যোগী সন্মিলনীৰ সভানেত্ৰী চাৰু দেৱী আৰু সদস্যা জানমনি বৰাই দুয়োগৰাকী মেধাৱী ছাত্ৰ -ছাত্ৰীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই উৎসাহিত কৰে।
ইফালে তেজপুৰৰ আন আন বিভিন্ন দল সংগঠনেও এই সফলতাৰ বাবে দুইগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাইছে।