জামুগুৰিহাটৰ যুৱতীৰ আন্তঃৰাষ্ট্ৰীয় আৰ্হি ৰাষ্ট্ৰসংঘত অংশগ্ৰহণৰ সুযোগ

অহা ১৭ অক্টোবৰৰ পৰা ২৫অক্টোবৰলৈ ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত হ’বলগীয়া ইন্টাৰনেচনেল মোন ২০২৫ত জামুগুৰিহাটৰ কুসুটোলাৰ যুৱতী ভূমি ছেত্ৰীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে

author-image
Asomiya Pratidin
New Update
469

ডিজিটেল সংবাদ, জামুগুৰিহাট : অহা ১৭ অক্টোবৰৰ পৰা ২৫অক্টোবৰলৈ ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত হ’বলগীয়া ইন্টাৰনেচনেল মোন ২০২৫ত জামুগুৰিহাটৰ কুসুটোলাৰ যুৱতী ভূমি ছেত্ৰীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে। এই খবৰে ভূমিৰ পৰিয়ালৰ লগতে সমগ্ৰ জামুগুৰিহাট অঞ্চলত আনন্দৰ জোৱাৰ তুলিছে। 

জানিব পৰা মতে প্ৰতিবছৰে ৰাষ্ট্ৰসংঘৰ উদ্যোগত বিশ্বৰ বিভিন্ন দেশৰ যুৱক- যুৱতীসকলক একত্ৰিত কৰি বিশ্ব ব্যাপি বিভিন্ন বিষয়ৰ সম্পৰ্কত মুকলি আলোচনাৰ পোষকতা কৰে। লগতে বিশ্বৰ বিভিন্ন দেশৰ কূটনীতিৰ বিষয়ে জানিব পৰা আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অনুশীলন কৰাই হৈছে আই এম ইউ এন অনুষ্ঠানটিৰ মূল উদ্দেশ্য । 

উল্লেখযোগ্য যে, কুসুটোলাৰ গোপাল ছেত্ৰী আৰু আচি ছেত্ৰীৰ একমাত্ৰ কন্যা ভূমি ছেত্ৰীয়ে এনেদৰে এখন আন্তঃ ৰাষ্ট্ৰীয় অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিবলে যোৱাটো সমষ্টিটোৰ বাবে গৌৰৱৰ বিষয় হিচাপে বিবেচিত হৈছে। ভূমি ছেত্ৰী এটি  নিম্ন মধ্য বৰ্গৰ পৰিয়ালৰ কন্যা ।   

গতিকে ভূমিৰ পিতৃ -মাতৃয়ে ভূমিক বিদেশলৈ কেনেদৰে পঠিয়াব এইলৈ চিন্তিত হৈ পৰিছিল। এই সমগ্ৰ বিষয়টো জানিব পাৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই পিতৃ- মাতৃৰ সৈতে ভূমিক নিজ গৃহলৈ মাতি নি অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। 

লগতে আৰ্থিক সাহাৰ্য্য দিয়াৰ উপৰি বিদেশলৈ যোৱাৰ সমগ্ৰ নথিপত্ৰ যোগান ধৰাৰ ব্যবস্থা কৰি দিয়ে। আনকি শুকুৰবাৰে বিধায়কগৰাকীয়ে যুৱ লেখক -সাহিত্যিক তথা মধ্য নাগশংকৰ গাঁও পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাক ভূমিৰ প্ৰস্তুতিৰ খবৰ লবলৈ পঠিয়াই।  

বিধায়কগৰাকীৰ আহ্বান মৰ্মে গাঁও পঞ্চায়তৰ সভাপতি বৰা আৰু ইটাখোলা সংখ্যালঘু উন্নয়ন পৰিষদৰ সভাপতি জাকিৰ হুছেইনে জামুগুৰিহাটৰ কুসুমটোলাৰ ভূমিৰ বাসগৃহত উপস্থিত হৈ ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উপৰিও যুৱতীগৰাকীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।  পৰিয়ালৰ লোকে বিধায়কগৰাকীৰ এনে  আন্তৰিকতা আৰু সহায় সহযোগিতাৰ বাবে ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে।

ৰাষ্ট্ৰসংঘ