/asomiyapratidin/media/media_files/2025/08/10/ujjs-2025-08-10-20-48-19.jpg)
ডিজিটেল ডেস্কঃ অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতৰ নিজস্ব শক্তি সমগ্ৰ বিশ্বই দেখিলে। দেশৰ প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত কেনেকৈ আত্মনিৰ্ভৰশীল তাৰ প্ৰমাণ পালে বিশ্বই।- ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ অধ্যক্ষ সমীৰ ভি কামাতে শনিবাৰে কয় এইদৰে।
ডিফেন্স ইনষ্টিটিউট অৱ এডভান্সড টেকন’লজিৰ সমাৱৰ্তনত ভাষণ দি কামাতে কয় যে- এই অভিযানে সৈনিকৰ সাহস আৰু তেওঁলোকৰ সফলতা নিশ্চিত কৰা প্ৰযুক্তিগত মেৰুদণ্ড দুয়োটাকে উজ্জ্বল কৰি তুলিলে। তেওঁ লগতে কয় যে, মই গৌৰৱেৰে ক’ব পাৰো যে অপাৰেচন সিন্দূৰৰ ব্যৱহাৰ হোৱা অতি অত্যাধুনিক বিধ্বংসী অস্ত্ৰ-শস্ত্ৰ ভাৰতে নিজেই নিৰ্মাণ কৰা।
এই অভিযানক “সামৰিক অভিযানতকৈও অধিক” বুলি অভিহিত কৰি আৰু আত্মনিৰ্ভৰশীলতা, কৌশলগত দূৰদৰ্শিতা আৰু থলুৱা উদ্ভাৱনৰ জৰিয়তে ভাৰতে থিয় দিয়াৰ ক্ষমতাৰ ঘোষণা কৰি কামাত স্নাতকসকলক এই গতি বজাই ৰাখিবলৈ আহ্বান জনায়। লগতে তেওঁলোকক সোঁৱৰাই দিয়ে যে ভাৰতে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ আৰু বিশ্ব প্ৰযুক্তিৰ নেতা হোৱাৰ লক্ষ্য ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us