সৰ্বদলীয় প্ৰতিনিধি দলৰ ভ্ৰমণৰ বাবে কিদৰে বাছি লোৱা হ'ল ৩২খন দেশ...

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে সৰ্বদলীয় প্ৰতিনিধিৰ সৈতে এখন প্ৰেছ ব্ৰিফিঙত মিলিত হয়।ব্ৰিফিঙত তেওঁ ভাৰতৰ কূটনৈতিক পদক্ষেপৰ বাবে বাছি লোৱা এই দেশকেইখনৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে ৷

author-image
Asomiya Pratidin
New Update
ffffff

ডিজিটেল ডেস্কঃ  পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক ঐক্যবদ্ধ ৰাষ্ট্ৰীয় স্থিতি উপস্থাপন কৰাৰ লক্ষ্যৰে ২৩ মে’ৰ পৰা বিশ্বৰ গুৰুত্বপূৰ্ণ ৰাজধানীসমূহত কেন্দ্ৰীয় চৰকাৰে সংসদৰ সদস্যৰ ৭টা সৰ্বদলীয় প্ৰতিনিধি দল মোতায়ন কৰিছে ।

Advertisment

বিভিন্ন দলৰ সংসদ সদস্য আৰু প্ৰাক্তন মন্ত্ৰীকে ধৰি ৫১ জন ৰাজনৈতিক নেতা আৰু ৮ জন প্ৰাক্তন ৰাষ্ট্ৰদূতে অন্যান্য প্ৰভাৱশালী ৰাষ্ট্ৰৰ লগতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যকে ধৰি ৩২খন দেশ ভ্ৰমণ কৰিবলৈ সাজু হৈছে।

শশী থাৰুৰ, ৰবি শংকৰ প্ৰসাদ, সঞ্জয় কুমাৰ ঝা, বৈজয়ন্ত পাণ্ডা, কনিমোজি কৰুণানিধি, সুপ্ৰিয়া চুলে, আৰু শ্ৰীকান্ত একনাথ শিণ্ডে আদি জ্যেষ্ঠ সাংসদসকলৰ নেতৃত্বত একোটা দলে ১০ দিনীয়া অভিযানত অংশগ্ৰহণ কৰিব। এই পদক্ষেপৰ সমন্বয়ক সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কাৰ্যসূচী ঘোষণা কৰাৰ কিছু সময়ৰ পিছতে প্ৰতিনিধি দলৰ সদস্যৰ সম্পূৰ্ণ তালিকা আৰু তেওঁলোকৰ নিজ নিজ গন্তব্যস্থান প্ৰকাশ কৰে।

মঙলবাৰে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে সৰ্বদলীয় প্ৰতিনিধিৰ সৈতে এখন প্ৰেছ ব্ৰিফিঙত মিলিত হয়।ব্ৰিফিঙত তেওঁ ভাৰতৰ কূটনৈতিক পদক্ষেপৰ বাবে বাছি লোৱা এই দেশকেইখনৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে ৷

বিজেপি সাংসদ অপৰাজিতা সাৰংগীয়েও বৈঠকত অংশগ্ৰহণ কৰি উল্লেখ কৰে যে বৈদেশিক সচিবে তেওঁলোকক জনাইছে যে ভাৰতীয় প্ৰতিনিধি দলটোৱে ভ্ৰমণ কৰা সকলো দেশ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য, যিটো আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ দায়িত্বত থকা ৰাষ্ট্ৰসংঘৰ সংস্থা।

তেওঁ লগতে কয় যে অনাগত দিনত আৰু পাঁচখন দেশ ইউএনএছচিৰ সদস্য হ’ব। এই দেশ সমূহৰ কন্ঠস্বৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শুনা যায় সেয়ে এই দেশসমূহক বাছনি কৰা হৈছে। এই দেশবোৰ অতি গুৰুত্বপূৰ্ণ।

বিক্ৰম মিশ্ৰী