/asomiyapratidin/media/media_files/2025/09/19/ogs-19-2025-09-19-12-32-00.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত থকা চাইবাৰ অপৰাধ আৰু ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। চাইবাৰ অপৰাধ আৰু ৰাষ্ট্ৰবিৰোধী কাম-কাজ ৰোধ কৰাৰ বাবে অসম আৰক্ষীয়ে বিশেষ তদন্তকাৰী গোট (এছ টি এফ) গঠন কৰি আৰম্ভ কৰিছিল ‘Operation Ghost Sim’ শীৰ্ষক এক অভিযান।
যোৱা কেইবামাহ ধৰি চলি থকা এই অভিযানৰ জৰিয়তে ইতিমধ্যে এছ টি এফে জেহাদী, সন্ত্ৰাসবাদী আদিৰ দৰে ৰাষ্ট্ৰ বিৰোধী কাম-কাজত লিপ্ত থকাসকলক অবৈধভাৱে মোবাইল চিম কাৰ্ড যোগান ধৰি অহা এক চক্ৰক উৎখাত কৰিবলৈ সক্ষম হৈছে। এই অভিযানৰ সময়ত এছ টি এফে ৰাষ্ট্ৰবিৰোধী, জেহাদ আদি কাৰ্যকলাপৰ সৈতে জড়িত থকা অতি কমেও ১৩জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।
গ্ৰেপ্তাৰ হোৱা এই লোকসকলৰ পৰা জব্দ কৰা হৈছে মুঠ ১৩০০ চিম কাৰ্ডো। তাৰোপৰি এইসকলৰ পৰা এছ টি এফে জব্দ কৰিছে বৃহৎ সংখ্যক ভুৱা আধাৰ কাৰ্ড, ভোটাৰ আইডি, আৰু অন্যান্য নথি-পত্ৰ। এই ভুৱা নথি-পত্ৰসমূহৰ জৰিয়তে তেওঁলোকে কিছুমান কাল্পনিক ব্যক্তিৰ নাম পঞ্জীয়ন কৰি চিম কাৰ্ড প্ৰস্তুত কৰিছিল সক্ষম হৈছিল।
এইবোৰ মোবাইল চিম কাৰ্ড ব্যৱহাৰ কৰিয়েই তেওঁলোকে বিভিন্ন চাইবাৰ অপৰাধত লিপ্ত হোৱাৰ লগতে অন্যান্য অবৈধ কাম-কাজতো লিপ্ত হৈছিল। এনে চিম কাৰ্ড তেওঁলোকক জেহাদী, সান্ত্ৰাসবাদীৰ হাততো তুলি দিছিল বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে এছ টি এফৰ এই অভিযানৰ মাজতেই অসম আৰক্ষীৰ অনুৰোধ অনুসৰি টেলিকম বিভাগে মুঠ ৯৫৩ খন চিম কাৰ্ড নিষ্ক্ৰিয় কৰিছে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে বুলি জানিব পৰা গৈছে।